নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৭৷ সুখ–সমৃদ্ধি বৃদ্ধি হ’ব৷ টকা–পইচাৰ অভাৱ দূৰ হ’ব৷ কুগ্রহৰ প্রভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে৷ প্রতিকাৰ – পুৱা গা ধুই তিতা গাৰে তুলসীৰ গুৰিত পানী ঢ়ালি লক্ষ্মী নাৰায়ণক স্মৰণ কৰিব৷
বৃষঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷ আর্থিক ক্ষতিৰ ৰোগ আছে৷ সামান্য কথাতে কাজিয়া হ’ব পাৰে৷ কোনো ধৰণৰ ভাল কাম আজি আৰম্ভ নকৰিব৷ হাতৰ পৰা বস্তু হেৰাব পাৰে৷ প্রতিকাৰ – ভিক্ষাৰীক ক’লা বস্ত্র দান কৰিব৷
মিথুনঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷ এই ৰাশিৰ জাতকৰ আজি শুভ দিন৷ যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে৷ নিজৰ ভুলে ক্ষতি কৰিব৷ আনক উপদেশ দি নিজে সমস্যাত পৰিব৷ শিক্ষার্থীৰ শাৰীৰিক অসুস্থতাই ক্ষতি কৰিব৷ প্রতিকাৰ – ঘৰলৈ অনা আলহীক সুমিষ্ট ফল খুৱাওক৷
কর্কটঃ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ আর্থিক অনাটন দূৰ হ’ব৷ পাবলৈ থকা ধন হাতলৈ আহিব৷ প্রতিকাৰ – শিৱ মন্দিৰত বেলপাত, গাখীৰ, ধঁতুৰা ফুল দি লিংগ পূজা কৰি শিৱ পার্বতীক আৰাধনা কৰিব৷
সিংহঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷ যান–বাহন দুর্ঘটনা পতিত হ’ব পাৰে৷ শিক্ষার্থীয়ে বিচৰা ধৰণে ফল নাপাব৷ বিশেষ ভাল খবৰ পাব৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ প্রতিকাৰ – এটা পাত্রত পানী লৈ সূর্যলৈ চাই জল অর্পণ কৰিব৷
কন্যাঃ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷ কর্মস্থান পৰিৱর্তন হ’ব পাৰে৷ পাৰিবাৰিক কন্দল হ’ব পাৰে৷ শত্রুৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷ শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যোগ৷ ব্যৱসায়ত শুভ৷ প্রতিকাৰ – অগৰু চন্দন মিহলাই গোটেই ঘৰতে ছটিয়াব৷
তুলাঃ শুভ ৰং বগা, শুভ সংখ্যা ২৷ সাহিত্য চর্চা কৰাসকলৰ সন্মান বাঢ়িব৷ অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে৷ যুটীয়া ব্যৱসায়ত হাত নিদিব৷ ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ – দোৰোণ ফুল পাঁচটা পানীৰে পূর্ণ পাত্রত লৈ সূর্যলৈ চাই অর্পণ কৰিব৷
বৃশ্চিকঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷ সংযম ৰাখি কথা পাতিব৷ হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব৷ আনে লোৱা টকা ঘূৰাই পাব৷ প্রতিকাৰ – তিনিডাল ধূপ জ্বলাই ঘৰৰ চৌপাশ প্রদক্ষিণ কৰিব৷
ধনু ঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷ ঘৰত কোনোবাৰ চাকৰিৰ সম্ভাৱনা আছে৷ মূৰত আঘাত পাব পাৰে৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ প্রতিকাৰ – হনুমান মন্দিৰত ফলমূল দি হনুমান চালিচা পাঠ কৰিব৷
মকৰ ঃ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব৷ অপদস্থ হোৱাৰ ভয়৷ আজি টকা ধাৰলৈ নিদিব৷ প্রতিকাৰ – লোহাৰ আঙঠি এটা সোঁহাতত পিন্ধিব৷
কুম্ভ ঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷ অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে৷ দূৰ ভ্রমণ নকৰিব৷ বন্ধুৰ দ্বাৰা প্রতাৰিত হ’ব৷ প্রতিকাৰ – মনৰ পৰা ওলাই যাওঁতে সূর্যক প্রণাম কৰি ওলাব৷ লগত এটা বেল পাত ৰাখিব৷
মীন ঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷ হাতলৈ টকা আহিব কিন্তু জমা ৰাখিব নোৱাৰে৷ মাতৃৰ স্বাস্থ্য অসুস্থ হ’ব পাৰে৷ কর্মসংস্থান বিচৰাসকলে আজি চেষ্টা কৰক৷ পাৰিবাৰিক অশান্তি বাঢ়িব৷ প্রতিকাৰ – ঘৰলৈ অহা যিকোনো ব্যক্তিক আদৰ কৰি শুশ্রূষা কৰিব৷ পাৰিলে এটা মিঠা ফল খুৱাব৷

You might also like