নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: কর্মত শুভ৷ নিজকে শক্তিশালী কৰি ৰাখিব৷ আনৰ কথাত মন নিদিব৷ বগা বস্ত্র পৰিধান কৰিব৷ শুভ সংখ্যা ৮৷
বৃষ: নিজৰ অর্হতাৰ ওপৰত স্থিতি নিয়ন্ত্রণ কৰিব৷ পুৰণি কামবোৰ সফল হ’বলৈ গৈ আহে৷ বিদ্যাত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
মিথুন: স্বাস্থ্যৰ প্রতি নজৰ ৰাখক৷ মনৰ চঞ্চলতা বাঢ়িব৷ কর্মত মধ্যম, নীলা কাপোৰ পৰিধান কৰিব৷ শুভ সংখ্যা ১৷
কর্কট: বন্ধুবর্গৰ পৰা দূৰত থাকক৷ মনলৈ কোনো দুঃচিন্তা আহিব পাৰে৷ উচ্চাকাংক্ষা বজাই ৰাখক কর্মত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
সিংহ: মনৰ অশান্তি বাঢ়িব৷ প্রেমত মধ্যম৷ আয়তকৈ ব্যয় বৃদ্ধি৷ নতুন সংস্থাপনৰ যোগ আছে৷ গেৰুৱা ৰং শুভ৷ শুভ সংখ্যা ৬৷
কন্যা: দিনটো অধিক ব্যস্ততাৰ মাজেৰে পাৰ হ’ব৷ বন্ধুৰ পৰা দূৰত থাকক৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷
তুলা: নিজৰ স্থিতি বজাই ৰাখি কাম কৰক৷ পুৰণি হেৰুওৱা বস্তু ঘূৰাই পোৱাৰ আশা আছে৷ পুৱা তুলসীৰ তলত পানী ঢ়ালিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
বৃশ্চিক: বন্ধুবর্গৰ পৰা দূৰত থাকক নাইবা অযথা শত্রু বৃদ্ধি পাব৷ শিক্ষার্থীৰ বাবে শুভ৷ কর্মত মধ্যম৷ প্রেমত শুভ৷ বেঙুনীয়া ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ২৷
ধনু: মনৰ অস্থিৰতা বাঢ়িব৷ ব্যৱসায়ত শুভ৷ ভ্রমণ কৰোঁতে সোঁফালৰ পৰা কৰিব৷ সেউজীয়া ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৭৷
মকৰ: ব্যৱসায়ত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ মনৰ অশান্তি আছে যদিও দিনটো ভালে যাব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷
কুম্ভ: ব্যৱসায়ত মধ্যম৷ নতুন কামৰ সুযোগ পাব পাৰে৷ দুঃচিন্তা মনলৈ আহিবলৈ নিদিব৷ আর্থিক লাভৰ সম্ভাৱনা আছে৷ বগা বস্তু ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ১৷
মীন: অতিৰিক্ত ব্যয় হ’ব পাৰে৷ নিজৰ ভাৰসাম্য বজাই ৰাখক৷ আর্থিকত ভাল, বিদ্যাত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

You might also like