নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টচেন বড়াঃ ভাৰতীয় ছিনিয়ৰ ফুটবল টীমত স্থান পোৱা প্রথমগৰাকী অসমীয়া ফুটবলাৰ

কৃষ্ণা কাংকান

খেলপথাৰৰ চাৰিওফালে হর্ষোল্লাস, উদ্দীপনা, জাউৰিয়ে জাউৰিয়ে হাত চাপৰি, সকলোৰে দৃষ্টি নিবদ্ধ মাত্র এগৰাকী ষ্টাইলিছ লেফ্ট হাফ খেলুৱৈৰ ওপৰত৷ খেলুৱৈগৰাকী খেলপথাৰত নমাৰ লগে লগে অনুৰাগীৰ উৎসাহ ভৰা কিৰীলি৷ খেলৰ মাজতে সুযোগ বুজি অনুৰাগীৰ ওচৰ চাপি গ’ল কৰাৰ প্রতিশ্রুতি দি আহে খেলুৱৈগৰাকীয়ে৷ আকৌ অনুৰাগীৰ দুগুণ উৎসাহভৰা কিৰীলি৷ নিমিষতে প্রতিপক্ষৰ চকুত ধূলি দি বিপক্ষ গ’লকীপাৰ পৰেশ বৰুৱাক ভূ–লুণ্ঠিত কৰি একেকোবে চমকপ্রদ গ’ল শোধালে খেলুৱৈগৰাকীয়ে৷ ৫ ফুট ৩ ইঞ্চি তেজোদ্দীপ্ত সুঠাম খেলুৱৈগৰাকীৰ দুভৰিৰ ছন্দত সাৰ পাই উঠে সেউজীয়া ঘাঁহনি৷ তাহানিৰ বিপক্ষ তিনিচুকীয়া ৰে’লৱে টীমৰ গ’লকীপাৰ, বর্তমান আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক তিনিচুকীয়াৰ কচুজান খেলপথাৰত ধৰাশায়ী কৰা দুর্দমনীয় খেলুৱৈগৰাকীয়েই হৈছে টচেন বডা৷ প্রি–লিম্পিকত ভাৰতীয় ছিনিয়ৰ ফুটবল টীমত স্থান লাভ কৰা অসমৰ প্রথমগৰাকী ফুটবল খেলুৱৈ তথা আন্তঃৰাষ্ট্রীয় ফুটবলাৰ টচেন বডা৷ প্রচণ্ড আত্মবিশ্বাসী, দৃঢ় মানসিকতা আৰু কঠোৰ সাধনাৰে একালত অনুৰাগীৰ হূদয় স্পর্শ কৰিবলৈ সক্ষম হোৱা টচেন বডাৰ বর্তমান ৭৩ বছৰ বয়সতো একেই উজ্জীৱিত মন–প্রাণ৷ নাহৰকটীয়া সমষ্টিৰ ৰাঙলী পথাৰৰ গৌৰৱ টচেন বডাই ১৯৭২ চনত নামৰূপৰ বি ভি এফ চি এলত জনসম্পর্কৰক্ষী বিভাগত যোগদান কৰিয়েই এফ চি আই টীমৰ হৈ তিনিচুকীয়া ৰে’লৱেৰ বিপক্ষে খেলি পৰেশ বৰুৱাৰ দলক পৰাস্ত কৰিছিল৷ সেই সময়ত টচেন বডাৰ ব্যক্তিত্ব আৰু খেলৰ কৌশল জনপ্রিয়তাৰ শিখৰত আছিল৷
৬০ৰ দশকতে নাহৰকটীয়াত এখন প্রদর্শনী খেল খেলিবলৈ অহা গুৱাহাটী টাউন ক্লাবৰ এগৰাকী নামী খেলুৱৈ বর্তমান প্রয়াত ইন্দ্রজিৎ নামচুমৰ খেল চায়েই ভৱিষ্যতে ইন্দ্রজিৎ হোৱাৰ সপোন ৰচিছিল সেই সময়ৰ নাহৰকটীয়াৰ হাইস্কুলীয়া ল’ৰাজনে৷ বিভিন্ন স্কুল টুর্নামেণ্টত তেতিয়া নাহৰকটীয়া হাইস্কুলৰ যোগদান লেখত ল’বলগীয়া আছিল৷ তেনে বয়সতে ১৯৬৩ চনত জার্মানীৰ পৰা প্রশিক্ষণপ্রাপ্ত ডিপ্ল’মাধাৰী প্রশিক্ষক তথা ভাৰতীয় ৰে’লৱে দলৰ গ’লকীপাৰ জি এম পণ্টিয়াৰৰ তত্ত্বাৱধানত শিলচৰত অনুষ্ঠিত উত্তৰ–পূব ভাৰতৰ ড্রেইনিং কেম্পত ফুটবলৰ আদিপাঠ শিকাৰ বিৰল সুযোগ লাভ কৰিছিল টচেন বডাই৷ এই কেম্পতে এগৰাকী ভৱিষ্যৎ তাৰকা ফুটবলাৰৰ সকলো সম্ভাৱনীয়তা টচেন বডাৰ সিৰে সিৰে প্রস্ফুটিত হৈছিল৷ টচেন বডাৰ ক্রীডা জগতৰ ভিন্ন পৰিক্রমা অনুসৰি ১৯৬৪–৬৭লৈ অসম স্কুল দল আৰু ১৯৬৫–৬৮লৈ অসম জুনিয়ৰ দলৰ অধিনায়কৰ দায়িত্ব, ১৯৬৮ চনত ডিব্রুগড বিশ্ববিদ্যালয় ফুটবল দল, ১৯৬৯–৭৩ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফুটবল দলত দুবাৰকৈ অধিনায়ক হোৱাৰ লগতে ১৯৭১ চনত পূব মণ্ডলৰ চেম্পিয়ন আৰু সর্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয়ৰ্ ফুটবল প্রতিযোগিতাত ৰানার্ছআপৰ খিতাপ অর্জন কৰিছিল টচেন বডাৰ দলটোৱে৷ উক্ত প্রতিযোগিতাৰ শ্রেষ্ঠ হাফ পজিচন খেলুৱৈ ৰূপে নির্বাচিত হয় টচেন বডা৷ ১৯৬৯ চনত নগাঁও (অসম), ১৯৭০ চনত মাদ্রাজ (অধিনায়ক), ১৯৭১ চনত পঞ্জাবৰ জলন্ধৰ (অধিনায়ক) আৰু ১৯৭২ চনত গোৱাত সন্তোষ ড্রফীত অসমক প্রতিনিধিত্ব কৰা টচেন বডাই ১৯৭২ চনত প্রি–লিম্পিক ফুটবলত অংশগ্রহণ কৰা প্রথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে ভাৰতীয় দললৈ নির্বাচিত হয়৷ ভাৰতীয় ছিনিয়ৰ ফুটবল দলত স্থান লাভ টচেন বডাৰ পণ আছিল এদিন দেশৰ কাৰণে খেলাৰ৷ অসম তথা ভাৰতত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় প্রদর্শনীমূলক ফুটবল খেলত জার্মানী, ৰাছিয়া, থাইলেণ্ড আদি ভিন্ন দেশৰ সৈতে খেলি যথেষ্টখিনি কৌশল আয়ত্ত কৰিছিল৷ সেইদৰে ইণ্ডোনেছিয়া, ব্রহ্মদেশ আদি দেশতো ভাৰতীয় দলৰ হৈ প্রতিনিধিত্ব কৰে৷ ক্রীডা ক্ষেত্রখনৰ গতিময় যাত্রাত টচেন বডাই বহু স্বর্ণিল সুযোগ সন্মুখত পায়ো কেৱল নিজৰ জন্মভূমিৰ প্রতি খেলৰ মাধ্যমেৰে সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বহু সুযোগৰ প্রতি উদাসীনতা পোষণ কৰিছিল৷ পিছলৈ ১৯৭৫–৭৯লৈকে সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ বাছনি সমিতিৰ সদস্য নির্বাচিত হয়৷ ১৯৮৫–৮৯লৈকে অসম ৰাজ্যিক ক্রীডা পৰিষদৰ সদস্য হৈ থকাৰ উপৰি শেষৰ বছৰত কলিকতাস্থিত নেচনেল ইনষ্টিটিউট অৱ স্প’টছ (এন আই এছ)ৰ পৰা ৭২ শতাংশ নম্বৰ লাভ কৰি ফুটবল প্রশিক্ষণৰ প্রথম শ্রেণীৰ প্রথম স্থান দখল কৰা ডিপ্ল’মাপ্রাপ্ত প্রথমগৰাকী অসমীয়া খেলুৱৈ টচেন বডা৷ প্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰাৰ বাবে টচেন বডাই জার্মানী, ইংলেণ্ড অথবা ব্রাজিলৰ যিকোনো এখন দেশত উচ্চ পর্যায়ৰ প্রশিক্ষণৰ সুযোগ পাইছিল যদিও সেই সময়ত অসমত ঘটা প্রবল প্রাকৃতিক দুর্যোগৰ বাবে তেওঁ বিদেশ ভ্রমণ যাত্রা বাতিল কৰিবলগা হ’ল৷ আনহাতে, ফেডাৰেচন ইণ্টাৰনেচনেল ডি ফুটবল এছ’চিয়েচন (ফিফা) আৰু ইণ্টাৰনেচনেল অলিম্পিক কমিটী (আই অ’ চি)ৰ দ্বাৰা ২০০৭ চনত ভাৰতত আয়োজিত বিশ্বৰ আগশাৰীৰ প্রশিক্ষকসকলে আগবঢ়োৱা ফুটবল প্রশিক্ষকৰ প্রশিক্ষণত প্রথমগৰাকী অসমীয়া প্রশিক্ষক হিচাপে অংশগ্রহণৰ বিৰল সুযোগ লাভ কৰিছিল টচেন বডাই৷
ইফালে গুৱাহাটীত অধ্যয়ন কৰি থকাৰ সময়তে বিভিন্ন টীমৰ হৈ খেলাৰ সুযোগ পাইছিল৷ টচেন বডাই খেলৰ সমান্তৰালভাৱে আনুষ্ঠানিক অধ্যয়নো নিষ্ঠাৰে চলাই গৈছিল৷ নাহৰকটীয়াৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা ১৯৬৭ চনত উচ্চতৰ মাধ্যমিক বর্ষত উত্তীর্ণ হৈ ডিব্রুগড কানৈ কলেজত এবছৰ পঢ়ি পিছৰ বছৰত গুৱাহাটীৰ কটন কলেজত নামভর্তি কৰে৷ ১৯৭০ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্রী আৰু ১৯৭৩ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী সম্পূর্ণ কৰে টচেন বড়াই৷ নাহৰকটীয়া হাইস্কুলৰ প্রধান শিক্ষক ফটিক গগৈৰ অনুপ্রেৰণাত নাহৰকটীয়াতে ফুটবলৰ বুনিয়াদ গঢ়ি টচেন বডাই গুৱাহাটীৰ মহাৰাণা ক্লাবত যোগদান কৰি দ্বিতীয় পর্যায়ৰ ফুটবলৰ পাতনি মেলে৷ পিছলৈ গুৱাহাটী কটন কলেজৰ শিক্ষা মন্দিৰে টচেন বডাৰ খেলৰ জগতখনো ব্যাপক হাৰত প্রসাৰিত কৰাৰ সুযোগ দিলে৷ পৰৱর্তী সময়ত বহু অভিজ্ঞতাৰে পৰিপুষ্ট টচেন বডাই ৰাজ্যিক দল, দুলীয়াজান অইল ইণ্ডিয়া লিমিটেড, নামৰূপ অল ইণ্ডিয়া ফার্টিলাইজাৰ ফুটবল টীমৰ প্রশিক্ষক হিচাপে নিযুক্তি পোৱাৰ লগতে অসম আৰক্ষী ব্লু’জ ফুটবল টীমৰ টেকনিকেল এডভাইজৰো আছিল৷

You might also like