নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু–সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা৷ বিদ্যাত মধ্যম ফল, দাম্পত্যত মধ্যম৷ শৰীৰৰ ওপৰত নজৰ ৰাখক৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
বৃষ: আর্থিক ক্ষেত্রত সামান্য হ’লেও কষ্ট আছে৷ জ্ঞাতি–কুটুম্বৰ পৰা মধ্যম সঁহাৰি৷ উপযুক্তই পুৰস্কৃত হ’ব৷ বন্ধুৰ আন্তৰিকতা৷ প্রেমত বদনাম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
মিথুন:  অনুকূল পৰিৱেশ৷ শৰীৰ মোটামুটি ভাল বুলি ক’বপাৰি৷ আপোন ব্যক্তিৰ পৰা সুখ৷ কর্মব্যস্ততা থাকিব৷ ভ্রমণ, সন্মান আদিৰ যোগ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮৷
কর্কট: ব্যৱসায়ত লাভৰ কাৰকতা৷ পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে৷ বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায়৷ নিবনুৱাসকল চেষ্টাত সফল হ’ব পাৰে৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷
সিংহ: উন্নত পৰিৱেশৰ আশা৷ পাৰিবাৰিক সু–সংবাদ পোৱাৰ কাৰক৷ আর্থিক দিশত কিছু ভালেই৷ পঢ়া–শুনাত যোগ্যতা থাকিব৷ কোন লোকৰ সান্নিধ্যত সুখ পাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
কন্যা: মজলীয়াভাৱে দিনটোৱে সহায় কৰিব৷ কর্মস্থানত অনুকূল পৰিস্থিতি আশা কৰিব পাৰে৷ আত্মবিশ্বাসক নিজ কর্মত ব্যৱহাৰ কৰক৷ বিদ্যাত শুভ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৬৷
তুলা: আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব৷ দুর্ভাবনাই দিনটোত আমনি কৰিব৷ ব্যৱসায়ত গুপ্ত শত্রুৰ পৰা সাৱধান৷ ভ্রমণৰ চেষ্টাত লাভৱান হ’ব৷ ঘৰুৱাত নতুন পৰিকল্পনা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭৷
বৃশ্চিক: আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ কর্মক্ষেত্রত উন্নত পৰিৱেশ৷ ব্যৱসায়ত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
ধনু: ঘৰুৱা দিশত বেয়া নহ’ব৷ দুই–এটা চেষ্টাত সফল৷ কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব৷ কোনো লোকৰ সাক্ষাতত উপকৃত হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মকৰ: খৰচ–পাতি ৰোধ কৰাৰ চেষ্টা কৰক৷ ফুৰা–মেলাতো সাৱধান হওক৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ আকস্মিক কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩৷
কুম্ভ: সাৱধানেৰে চলক৷ শৰীৰ বৰ শুভ বুলিব নোৱাৰি৷ কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক৷ বাদ–বিসম্বাদৰ পৰা আঁতৰক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷
মীন: ৰাজহুৱা কামত খ্যাতি ম্লান নহয়৷ শৰীৰ মধ্যম৷ বন্ধুবর্গৰ লগত সু–সম্বন্ধ থাকিব৷ বিদ্যাত ভালেই৷ ব্যৱসায়ীসকল বাধাৰ সন্মুখীন হ’ব পাৰে৷ ভ্রমণত সুখ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷

You might also like