নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে সন্ত্ৰাবাদীৰ ভয়ংকৰ কূটাঘাতৰ লক্ষ্য ব্যৰ্থ, জম্মু-কাশ্মীৰত সংঘৰ্ষ

বিশেষ বাৰ্তা, ২২ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ দুদিন আগতে সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ হৈছে জম্মু-কাশ্মীৰত। জম্মু চহৰৰ ওচৰতে নিৰাপত্তা বাহিনীৰ কেম্প এটাৰ সমীপতে হোৱা সংঘৰ্ষত দুজনকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে এজন নিৰাপত্তাৰক্ষী বিষয়াৰো প্ৰাণহানি হয়। লগতে আহত হৈছে আন চাৰিজনকৈ জোৱান। চি আই এছ এফে প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদীয়ে সেনা জোৱান কঢ়িওৱা বাছ এখনক লক্ষ্য কৰি লৈছিল। সন্ত্ৰাসবাদীৰ লক্ষ্য ভয়ংকৰ কূটাঘাত সংঘটিত কৰা আছিল বুলিও প্ৰকাশ। উল্লেখনীয় যে, প্ৰধানমন্ত্ৰীয়ে দেওবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণলৈ যাব আৰু তাত এখন বৃহত সমাৱেশ সম্বোধন কৰিব। এই সময়ছোৱাত ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ পাছতো এনে ঘটনা সংঘটিত হোৱাটোৱে দেশৰ সুৰক্ষাত নিয়োজিত সকলক চিন্তাত পেলাইছে।

You might also like