নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ নিজৰ ভুলৰ কাৰণে বহু সুযোগ হাতৰ পৰা গুচি যাব৷ শনি, মঙলৰ কাৰণে দাম্পত্য অশান্তি৷ শিল্প জগতৰ লোকৰ ভাল৷ ধনত মধ্যম৷ স্বাস্থ্য মজলীয়া৷ অশ্বিনী নক্ষত্রৰ জাতকে কেতুক উদ্দেশ্য ক’লা তিল দান দিব৷ ৰঙা শুভ ৰং, ১ শুভ সংখ্যা৷
বৃষ ঃ ব্যৱসায়ত নতুন যোগাযোগত লাভৱান হ’ব৷ অৱশ্যে আর্থিক লেনদেনত সতর্ক হোৱা ভাল হ’ব৷ সাধাৰণ বিদ্যাত ভাল৷ প্রতিযোগিতামূলক পৰীক্ষাত বৰ ভাল দেখা নাযাব৷ দিনটোত মনৰ কোনো ইচ্ছা পূৰণ হোৱাৰ আশা আছে৷ নীলা ৰং শুভ, শুভ সংখ্যা ৮৷
মিথুন ঃ স্বাস্থ্য ভাল দেখা যায়৷ ভাগ্যৰ উন্নতিৰ কাৰণে সুযোগ পালেও আন্তৰিক প্রচেষ্টাও লাগিব৷ ঘৰুৱাত লেঠা লাগি থাকিব৷ আর্থিকত সিমান বেয়া নহ’ব৷ পিতা–মাতাৰ শাৰীৰিক বৰ ভাল নহ’ব৷ আজি ত্রিপুৰেশ্বৰী দেৱীক শৰাই দিব৷ শুভ সংখ্যা ৫৷
কর্কট ঃ গৱেষণা কর্ম অথবা আন উচ্চ শিক্ষাত ভালেই হ’ব৷ ব্যৱসায়–বাণিজ্যত একপ্রকাৰ৷ নিবনুৱাৰ মনত আশাৰ সঞ্চাৰ হ’ব৷ বন্ধুৰ সৈতে সম্পর্কৰ অৱনতি৷ দাম্পত্য এতিয়াও সম্পূর্ণ ফৰকাল নহয়৷ পুষ্যা নক্ষত্রৰ লোকে শনিৰ উদ্দেশ্যে ৮ গছ চাকি প্রজ্বলন কৰিব৷ বগা শুভ ৰং, ১ শুভ সংখ্যা৷
সিংহ ঃ ৰাজনীতিত অন্তর্দ্বন্দ্ব৷ দিনটোত ভ্রমণ হ’ব৷ দিয়া ধন ঘূৰাই পাব৷ বিদ্যার্থীয়ে কষ্টৰ পুৰস্কাৰ পাব পাৰে৷ চাকৰিয়ালৰ কিছু লেঠা থাকিব৷ ৰঙা শুভ ৰং, শুভ সংখ্যা ১০৷
কন্যা ঃ ঘৰুৱাত ভাল দেখা নাযায়৷ হঠাৎ গুৰুজনাৰ সৈতে তর্ক–বিবাদত লিপ্ত হৈ পৰিব পাৰে৷ ভ্রাতাৰ কর্ম প্রাপ্তিৰ যোগ বিদ্যমান৷ সমাজকর্মীৰ দক্ষতা বৃদ্ধি৷ সেউজীয়া শুভ ৰং, ৬ শুভ সংখ্যা৷ আজি বুধৰ মন্ত্র ঔ ঐং স্ত্রীৱ বুধায় মন্ত্র ৫ বাৰ জপ কৰিব৷
তুলা ঃ যাত্রা৷ চিনেমা শিল্পীসকলৰ সুযোগ লাভ লগতে আর্থিক উন্নতিৰো যোগ৷ দৈহিক দিশলৈ নজৰ ৰাখক৷ ভ্রমণত অনুকূল৷ দাম্পত্যত মধ্যম ক’ব পৰা যায়৷ সন্তানৰ বিদ্যাত সাফল্য, আনন্দ বৃদ্ধি কৰিব৷ নীলা শুভ ৰং, ৬ শুভ সংখ্যা৷
বৃশ্চিক ঃ কর্মত ৰাহু/গুৰুৰ অসম প্রভাৱৰ কাৰণে কর্মবিপাক হ’ব পাৰে৷ কিন্তু ধন আৰু বুদ্ধিৰ দ্বাৰা প্রতিকূলতা নিয়ন্ত্রণ কৰিব পাৰিব৷ কমলা শুভ ৰং, ৯ শুভ সংখ্যা৷
ধনু ঃ আর্থিকত মোটামুটি ভালেই দেখা যায়৷ ব্যৱসায়ত মন দিয়াৰ লগতে আর্থিক দিশতো নজৰ ৰাখক৷ ঘৰুৱাত সিদ্ধান্ত লোৱাৰ পূর্বে ভালদৰে ভাবনা–চিন্তা কৰিব৷ ভ্রমণ ৰদ হ’ব পাৰে৷ শুভ ৰং হালধীয়া, ৩ শুভ সংখ্যা৷
মকৰ ঃ ধনত ভাল৷ দিনটোত যান–বাহন আদি ক্রয় কৰিব পাৰে৷ দ্বিতীয়ত কেতু থকা কাৰণে ৰাগ–খং বাঢ়িব৷ দাম্পত্যত ভাল দেখা নাযায়৷ বন্ধুবর্গৰ আন্তৰিকতা বৃদ্ধি৷ পিতৃৰ আৰোগ্য লাভ৷ ক’লা শুভ ৰং, ৮ শুভ সংখ্যা৷ দিনটোত হনুমান চালিচা পাঠ কৰিব পাৰে৷
কুম্ভ ঃ সন্তানৰ ওপৰত দায়িত্ব অর্পণ কৰক৷ ৰাজহুৱা কর্মত ব্যস্ততা বৃদ্ধি৷ লগতে বিশ্বাসযোগ্যতাও বাঢ়িব৷ ঘৰুৱাত ভাল৷ চাকৰিয়ালৰ মজলীয়া৷ খুচুৰা ব্যৱসায়ত ভাল দেখা যায়৷ ভাই–ভনীৰ শাৰীৰিক ভাল নহ’ব৷ প্রেমতো ভাল নহ’ব৷ নীলা শুভ ৰং, ১ শুভ সংখ্যা৷
মীন ঃ ব্যৱসায়–বাণিজ্যত ভালেই দেখা যায়৷ বুদ্ধিজীৱীৰ সুখ্যাতি৷ ধনত মজলীয়া আৰু খৰচৰ মাত্রাও বৃদ্ধি হ’ব৷ পুত্র সন্তানক লৈ চিন্তা বৃদ্ধি৷ প্রেমত ভালেই৷ সোণালী ৰং শুভ, ৩ শুভ সংখ্যা৷

You might also like