নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ ছাত্ৰী নিৰুদ্দেশ : প্ৰেমিক শিক্ষকৰ সৈতে পালেগৈ বিহাৰ

বিশেষ বাৰ্তা, ৯ জানুৱাৰীঃ এগৰাকী অধ্যয়নৰত ছাত্ৰী অপহৰণ হোৱা ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড়ৰ লগতে ঢকুৱাখানাত। ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত ছল্ট ব্ৰুক একাডেমীৰ এগৰাকী ছাত্ৰী ৭ জানুৱাৰীৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ পৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।জানিব পৰামতে লখিমপুৰৰ ঢকুৱাখনাৰ সাপতীয়া অঞ্চলৰ পৰা ৰাজ্যৰ এখন আগশাৰী শিক্ষানুষ্ঠান ডিব্ৰুগড় ছল্টব্ৰক একাডেমীৰ বিজ্ঞান শাখাত প্ৰথম বাৰ্ষিকত অধ্যয়নৰত ছাত্রীগৰাকীৰ সন্ধানহীন হৈ থকা কাৰ্যত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। অধ্যয়ন কৰি থকা ডিব্ৰুগড়ৰ শৈক্ষিক প্ৰতিষ্ঠানখনৰ পৰা কোনো সদুত্তৰ নোপোৱাত অৱশেষত কন্যাৰ সন্ধানত আজি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাষ পালেহি ছাত্রীগৰাকীৰ অভিভাবক। ছাত্ৰীগৰাকীৰ অভিভাৱক জিতুমনি বৰাই (পিতৃ) ডিব্ৰুগড় সদৰ থানাত দাখিল কৰা অভিযোগ অনুসৰি তেওঁৰ কন্যা প্ৰিঞ্চিপ্ৰিয়া (১৬ বছৰ ৬ মাহ) যোৱা ৭ জানুৱাৰীত ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ বিমল হাউচ হোষ্টেলৰ পৰা নিৰুদ্দেশ হৈছে। হোষ্টেলৰ পৰা কলেজৰ ইউনিৰ্ফমত ওলাই অহাৰ পাছত কলেজৰ ক্লাচত প্ৰিঞ্চিপ্ৰিয়া উপস্থিত হোৱা নাছিল।পাছত হোষ্টেলৰ ৱাৰ্ডেন সংগীতা চাহুৱে একাডেমীৰ অধ্যক্ষই প্ৰিঞ্চিপ্ৰিয়াৰ সৰ্ম্পকত আলোচনাৰ বাবে মাতি পঠোৱা বুলি একাডেমীত উপস্থিত হোৱাত হোষ্টেল বা একাডেমীত নথকাৰ বিষয়ে অৱগত হয়। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ মতে কৃষ্ণা কচিং চেন্টাৰৰ শিক্ষক ৰাজ আৰিয়ানে প্ৰলোভনৰে ছাত্ৰীগৰাকীক অপহৰণ কৰা বুলি সন্দেহ কৰি আইনগত ব্যৱস্থা লবলৈ আৰক্ষী অধীক্ষকক অভিযোগ দিছে। চল্ট ব্ৰুক শিক্ষানুষ্ঠানখনৰ বিজ্ঞান শাখাৰ ছাত্রী গৰাকী অপহৰণ হোৱা বুলি ডিব্ৰুগড় আৰক্ষীৰ ওচৰত যোৱা ৭ জানুৱাৰীতেই পৰিয়ালে এজাহাৰো দাখিল কৰিছিল যদিও বৰ্তমানলৈ ছাত্ৰীগৰাকীৰ বা অপহৰণকাৰীৰ কোনো শুং-সূত্ৰ লাভ কৰা নাই। যোৱা শনিবাৰে ছাত্রীগৰাকী ছল্ট ব্ৰুক একাডেমীৰ হোষ্টেলটোৰ পৰা শিক্ষানুষ্ঠানখনলৈ ওলাই অহা অৱস্থাতে নিৰূদ্দেশ হোৱাত এতিয়া সকলোতে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে। আনহাতে শিক্ষানুষ্ঠানখনলৈ গৈও অভিভাৱকে বিশেষ কোনো সহাৰি নোপোৱাৰো অভিযোগ তুলিছে। পিতৃ জিতুমনি বৰাই অভিযোগত কয় যে ছোৱালীজনী কলেজ কৰ্তৃপক্ষৰ তত্বাবধান আছিল। সেয়ে মোৰ ছোৱালীজনীৰ সন্ধান উলিয়াই দিয়াত একাডেমীৰ কৰ্তৃপক্ষই সহায় কৰিবই লাগিব। আনহাতেদি একাংশই,অভিযোগ কৰামতে ছাত্রী গৰাকী শিক্ষানুষ্ঠানখনৰে কৰ্চিং চেণ্টাৰৰ শিক্ষক ৰাজ আৰিয়াণ নামৰ এজন শিক্ষকৰ লগত বিহাৰলৈ পলাই যোৱা বুলিয়ো ব্যাপক চৰ্চা হৈছে। জানিব পৰামতে যোৱা ৭ জানুৱাৰীত ৰাজ আৰিয়ানৰ কচিং চেন্টাৰৰ সমীপৰ এটা বাসগৃহৰ চিচিটিভিৰ ফুটেজ অনুসৰি ৰাজ আৰিয়ানে ছাত্ৰীগৰাকীসহ এখন চুইফট ডিজায়াৰ গাড়ীৰে পুৱাই ওলাই যায়।পাছত আৰক্ষীয়ে তদন্ত কৰি গাড়ী চালকৰ তথ্যৰ ভিত্তিত ৰাজ আৰু প্ৰিঞ্চিপ্ৰিয়াক চহৰখন বৰবৰুৱাত নমায় থৈ অহাৰ কথা প্ৰকাশ কৰে গাড়ীৰ চালকে। পৰৱৰ্ত্তী সময়ত বেলেগ বাহনৰে চহৰৰ বাহিৰলৈ যায়। আৰক্ষীয়ে মবাইল ট্ৰেকিং কৰি সেই নিশাই ৭:৩০ বজাত জাগীৰোড পোৱাৰ পাছত কলকতা পোৱাতো নিশ্ছিত কৰে আৰু বৰ্তমানে বিহাৰত উপস্থিত হোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। ইফালে চ’চিয়েল মিডিয়াত ছাত্ৰীগৰাকীৰ এক ভিডিঅ’ই ব্যাপক কৌতুহলৰ সৃষ্টি কৰিছে। য’ত ছাত্ৰীগৰাকীয়ে নিজকে ১৮ বছৰ হোৱা বুলি উল্লেখ কৰি নিজ ইচ্চানুসৰি শিক্ষক আৰিয়ানৰ লগত অহা বুলিও উল্লেখ কৰিছে। স্বাভাবিকতেই এয়া প্ৰলোভন নে কাৰোবাৰ হেচাত পৰি ছাত্ৰীগৰাকীয়ে কৈছে, সেয়া তদন্তৰ অন্ততহে স্পষ্ট হব। আনহাতে ছল্ট ব্ৰুক একাডেমীৰ শিক্ষকৰ ভাষ্য অনুসৰি প্ৰিঞ্চিপ্ৰিয়া বৰা নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰী গৰাকী যোৱা শনিবাৰে পুৱা বিদ্যালয়লৈ অহাৰ সময়ৰে পৰা নিৰুদেশ হৈ আছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে এগৰাকী মেধা সম্পন্ন ছাত্ৰী শিক্ষানুষ্ঠানলৈ আহোতেই এজন শিক্ষকে কিদৰে ছাত্ৰী গৰাকীক পলোৱাই নিবলৈ সাহস গোটাব পাৰিলে সেই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।পুনৰ ছাত্ৰী অপহৰণৰ কাণ্ডই ডিব্ৰুগড় চল্ট ব্ৰুক একাডেমীক বিৰ্তকৰ মাজত সোমাই পৰাত সকলোতে বেচ চৰ্চা লভিছে।জানিব পৰা অনুসৰি ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধানে (আইন শৃংখলা)সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like