নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আসন্ন বিশ্বকাপৰ বাবে গুৰুত্বপূর্ণ হ’ব এই শৃংখলাঃ ডাছুন ছানাকা

নিয়মীয়াবাৰ্তা, ১০জানুৱাৰী: টি–২০ শৃংখলাত ১–২ ব্যৱধানত পৰাজিত হোৱাৰ পিছত আজিৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাত শক্তিশালী ৰূপত অৱতীর্ণ হ’ব আলহী দল শ্রীলংকা৷ আজি ভাৰতৰ বিপক্ষে খেলিব লগা শৃংখলাৰ প্রথমখন এদিনীয়াৰ পূর্বে বর্ষাপাৰাত অনুষ্ঠিত এখন সংবাদ মেলত শ্রীলংকাৰ অধিনায়ক ডাছুন ছানাকাই কয় যে এই শৃংখলাটো আসন্ন বিশ্বকাপৰ বাবে অতিশয় গুৰুত্বপূর্ণ হ’ব৷ নৱেম্বৰত ভাৰতত হ’ব লগা বিশ্বকাপৰ বাবে শৃংখলাটো গুৰুত্বসহকাৰে ল’ব বুলিও তেওঁ কয়৷ এদিনীয়াৰ বাবে গুৱাহাটীৰ এ চি এ ষ্টেডিয়াম সর্বতোপ্রকাৰে অনুকূল বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে কয় যে আজি মেচখনত বৃহৎ ৰান সংগৃহীত হোৱাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে ইয়াত অনুষ্ঠিত প্রথমখন এদিনীয়া মেচত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ছয় শতাধিক ৰান সংগৃহীত হৈছিল৷ বেটাৰৰ বাবে গুৱাহাটীত উইকেট সহায়ক হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ আনহাতে, দলত কোনো ধৰণৰ আঘাতৰ সমস্যা নাই বুলিও জানিবলৈ দিয়ে ছানাকাই৷ টি–২০ শৃংখলাৰ অন্তিমখন মেচত দুর্দান্ত শতৰান কৰা সূর্যকুমাৰ যাদৱ শ্রীলংকাৰ বাবে প্রত্যাহ্বান হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে মেচখনত ভাৰত কঠিন প্রতিপক্ষ হ’ব৷ ভাৰতীয় দলটো অত্যন্ত শক্তিশালী বুলি উল্লেখ কৰি তেওঁ কয় যে দলৰ দুগৰাকী জ্যেষ্ঠ বেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ প্রত্যাৱর্তনে ভাৰতীয় দলৰ শক্তি অধিক বৃদ্ধি কৰিব৷ আনহাতে, তেওঁলোকৰ দলভুক্তিয়ে শ্রীলংকাৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰিব বুলিও আলহী দলটোৰ অধিনায়কগৰাকীয়ে মন্তব্য কৰে৷ উল্লেখ্য যে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ইয়াত খেলা প্রথমখন এদিনীয়াত কোহলি আৰু ৰোহিতে দর্শনীয় শতৰান অর্জন কৰিছিল৷ তেওঁলোকৰ দুর্দান্ত প্রদর্শনৰ বাবেই মেচখনত ভাৰতে ৱেষ্ট ইণ্ডিজক ৮ উইকেটত পৰাজিত কৰিছিল৷

You might also like