নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ ৰাশিফল

মেষ : অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ শুভ বর্ণ বগা বা হালধীয়া৷ আজি যাত্রা কৰোঁতে হাতত এখন বগা ৰুমাল ল’ব৷ যাত্রাদি শুভ৷ শুভ সংখ্যা ২৷

বৃষ : কর্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব৷ মন হঠাৎ বেয়াও হ’ব পাৰে৷ বিদ্যার্থীসকলৰ শুভ৷ আপুনি আজি কমলা ৰঙৰ কাপোৰ পিন্ধিব৷ কমলা আপোনাৰ শুভ ৰং৷ শুভ সংখ্যা ৫৷

মিথুন : প্রিয় বন্ধু–বান্ধৱৰ লগত সাক্ষাৎ লাভ৷ কর্মাদিত বেয়া দেখা নাযায়৷ ভ্রমণত কষ্ট পাব পাৰে৷ পৰাপক্ষত ভ্রমণ নকৰাই ভাল৷ ঘৰুৱা অশান্তিৰ মাজত ঠিক ৰখাৰ যত্ন কৰক৷ শুভ বর্ণ নীলা৷ শুভ সংখ্যা ৩৷

কর্কট : উন্নত পৰিৱেশ৷ ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে৷ কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতান্তৰৰ সম্ভাৱনা৷ যাত্রা শুভ৷ যাত্রা বা শুভ কাম কৰোঁতে আপুনি গাঢ় ৰঙা ৰঙৰ কাপোৰ পিন্ধিব৷ শুভ সংখ্যা ৭৷

সিংহ : আর্থিক চিন্তা থাকিব৷ প্রাপ্য ধন পোৱাৰ চেষ্টাও ব্যর্থ হ’ব পাৰে৷ ধর্মীয় অনুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে৷ কর্মত অৱশ্যে খ্যাতি থাকিব৷ যাত্রাও মধ্যম৷ শুভ বর্ণ পাতল সেউজীয়া৷ শুভ সংখ্যা ৮৷

কন্যা : সু–সংযোগ লাভৰ যোগ৷ আর্থিকত মজলীয়া ফল পাব৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ আজি আপুনি পুৱা বিষ্ণু মন্দিৰত পূজা কৰিব৷ শুভ বর্ণ ক্রীম, শুভ সংখ্যা ১৷

তুলা : কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব৷ শাৰীৰিক দিশত ভালেই যাব৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব৷ শুভ বর্ণ মেৰুণ৷ এই ৰঙৰ কাপোৰ পিন্ধি যাত্রা কৰিব৷ পূর্বদিশে যাত্রা কৰিলে সুফল পাব৷ শুভ সংখ্যা ৬৷

বৃশ্চিক : দূৰ যাত্রাদিত বাধা পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ৷ শুভ বর্ণ হালধীয়া৷ আজি হালধীয়া ফুলেৰে পূজা কৰি সোঁ হাতত সূতা বান্ধি ল’ব৷ শুভ সংখ্যা ৪৷

ধনু : ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব৷ খৰচ বৃদ্ধি পাব৷ কিছুমান দুর্ভাৱনাই লগ ধৰিব পাৰে৷ সেয়েহে আজি ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ আজি আপোনাৰ শুভ বর্ণ আকাশী নীলা৷ শুভ সংখ্যা ২৷

মকৰ : বিদ্যার্থীৰ বাবে আজিৰ দিনটো ভালেই দেখা যায়৷ কর্তব্যত আগ্রহ বাঢ়িব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল৷ আপোনাৰ শুভ বর্ণ বেঙুনীয়া৷ যাত্রাদি শুভ৷ শুভ সংখ্যা ৯৷

কুম্ভ : কোনো কর্মত আনন্দ পাব৷ হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে৷ মাতৃৰ শৰীৰ বেয়া নহ’ব৷ শুভ বর্ণ ক’লা৷ ক’লা ৰঙৰ কাপোৰ পিন্ধি ভ্রমণ কৰিলে সুফল পাব৷ শুভ সংখ্যা ৪৷

মীন : পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত উন্নতিৰ যোগ৷ শুভ বর্ণ সেউজীয়া৷ সেউজীয়া ৰং ব্যৱহাৰ কৰিব৷ যাত্রাদিত শুভ৷ শুভ সংখ্যা ১৷

You might also like