নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিণ্ডিকেট নির্মূলত দুর্বল স্থিতি গ্রহণ কৰা নাই আৰক্ষীয়ে

বৰাকৰ তিনি জিলাৰ বিশিষ্ট নাগৰিকৰে মত বিনিময় ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ

নিয়মীয়া বার্তা, ২৩ ফেব্রুৱাৰীঃ বৰাক উপত্যকাৰ কয়লা–চুপাৰি আদি ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্রহণ কৰিছে ৷ ছিণ্ডিকেট নির্মূলৰ ক্ষেত্রত আৰক্ষীয়ে কেতিয়াও দুর্বল স্থিতি গ্রহণ নকৰে ৷ –শনিবাৰে বিয়লি শিলচৰৰ বংগ ভৱনত বৰাক উপত্যকাৰ তিনিওখন জিলাৰ বিশিষ্ট নাগৰিকৰ সৈতে হোৱা এক মুখামুখি অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এই মন্তব্য কৰে ৷ অৱশ্যে আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে ছিণ্ডিকেট বন্ধ কৰাৰ ক্ষেত্রত কেৱল আৰক্ষীৰে দায়িত্ব নহয় ৷ সকলোৰে এইক্ষেত্রত দায়িত্ব আছে ৷

সেইদৰে কৰ, জি এছ টি ফাঁকি দিলে নির্দিষ্ট বিভাগে দায়িত্ব লোৱা উচিত ৷ যান–বাহনত অভাৰলোড বহনৰ বিৰুদ্ধে জৰিমনা কৰিবলৈ বিভাগ আছে৷ গতিকে সংশ্লিষ্ট বিভাগসমূহে যদি সহযোগিতা বিচাৰে তেনে ক্ষেত্রত আৰক্ষীয়ে ব্যৱস্থা ল’ব ৷ আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে এই কথাও উল্লেখ কৰে যে অসম আৰক্ষীৰ সংস্কাৰ আৰু আধুনিকীকৰণৰ কাম–কাজ আৰম্ভ হৈছে৷ আৰক্ষীত বর্তমান প্রয়োজনতকৈ ১৫ হাজাৰ আৰক্ষী কর্মী কম আছে ৷ এইক্ষেত্রত শীঘ্রে খালী পদ পূৰণৰ ব্যৱস্থা ল’ব বুলিও উল্লেখ কৰে সঞ্চালকপ্রধানগৰাকীয়ে ৷

তাৎপর্যপূর্ণভাৱে সঞ্চালকপ্রধানগৰাকীয়ে উল্লেখ কৰে যে বাংলাদেশত ড্রাগ্ছৰ প্রৱণতা বৃদ্ধি পোৱাত ড্রাগ্ছ সৰবৰাহৰ ক্ষেত্রত বৰাকক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰিছে দুষ্ট চক্রটোৱে ৷ অৱশ্যে এইক্ষেত্রত আৰক্ষীয়ে ব্যৱস্থা লৈছে ৷ শিলচৰ চহৰৰ যান–জঁটৰ সমস্যা সম্পর্কে উল্লেখ কৰি ডিজিপি মহন্তই উল্লেখ কৰে যে এইক্ষেত্রত আৰক্ষীৰ সৈতে ৰাইজৰ সহযোগিতাৰ প্রয়োজন আছে ৷ নাৰীজনিত ঘটনাৰ লগত জড়িত গোচৰসমূহ শীঘ্রে শেষ কৰাৰ বাবেও বৰাকৰ তিনিওখন জিলাৰ আৰক্ষী অধীক্ষকক নির্দেশ দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে৷ অসম আৰক্ষীৰ দক্ষিণ অসম সংমণ্ডলৰ ডি আই জি দিলীপ কুমাৰ দেৱৰ পৰিচালনাত অনুষ্ঠিত এই মুখামুখি অনুষ্ঠানত প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুৰকায়স্থ, পদ্মশ্রী ডাঃ ৰবী কান্নান, কাছাৰ আৰক্ষী অধীক্ষক উপস্থিত আছিল৷ আৰক্ষী সঞ্চালকপ্রধান হিচাপে দায়িত্ব গ্রহণৰ পাছত এয়া আছিল ভাস্কৰজ্যোতি মহন্তৰ প্রথম বৰাক ভ্রমণ৷ মুখামুখি অনুষ্ঠানৰ পূর্বে ডিজিপি মহন্তই কাছাৰ–কৰিমগঞ্জ আৰু হাইলাকান্দি আৰক্ষী অধীক্ষকৰ সৈতে আইন–শৃংখলা পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে ৷

You might also like