নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীর্থ ভ্রমণলৈ নিলে মাদাৰ বৃদ্ধা আশ্রমৰ ১৩গৰাকী আৱাসীক

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ বিভা–হিমাংশু মেম’ৰিয়েল ট্রাষ্টৰ উদ্যোগত বুধবাৰে মহানগৰীৰ মাদাৰ বৃদ্ধা আৱাসৰ ১৩গৰাকীকৈ আৱাসী তীর্থ যাত্রাৰ বাবে ৰাওনা হয় ৷ পল্টনবজাৰৰ পৰা ৰে’লযোগে ককা–আইতাসকলে তীর্থযাত্রা আৰম্ভ কৰে ৷ তীর্থযাত্রাৰ দলটোৰ সমস্ত খৰচ বহন কৰিব বিভা–হিমাংশু মেম’ৰিয়েল ট্রাষ্টে ৷ উল্লেখ্য যে মাদাৰ বৃদ্ধা আৱাসৰ তীর্থযাত্রাৰ দলটোৱে হৰিদ্বাৰ, মথুৰা, বৃন্দাবন ভ্রমণ কৰিব ৷ অহা ১৩ মার্চত দলটো পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব ৷ মাদাৰ বৃদ্ধা আৱাসৰ ১২গৰাকী আৱাসীক এইবেলি বিভা–হিমাংশু মেম’ৰিয়েল ট্রাষ্টে তীর্থ যাত্রাৰ সুবিধা প্রদান কৰিব বুলি পূর্বেই ঘোষণা কৰিছিল ট্রাষ্টৰ হৈ সঞ্জয় গোস্বামী আৰু নন্দিতা শর্মা গোস্বামীয়ে ৷

বিভা–হিমাংশু মেম’ৰিয়েল ট্রাষ্টৰ উদ্যোগত মাদাৰ বৃদ্ধা আৱাসৰ ককা–আইতাৰ দলটোক সম্পূর্ণ নিজা খৰচত তীর্থযাত্রাৰ বাবে দলটো প্রেৰণ কৰে ৷ সাংবাদিকৰ আগত ট্রাষ্টৰ হৈ নন্দিতা শর্মা গোস্বামীয়ে কয় যে ট্রাষ্টে বিগত সময়ত ব্রহ্মপুত্র হেল্থ কেয়াৰ ছ’চাইটীত মৃতদেহ কঢ়িওৱা বাহন প্রদান কৰিছিল৷ একেদৰে ২০১৭ চনৰ পৰা প্রতিবছৰে ট্রাষ্টে আর্থিক দীনতাত ভোগা দুগৰাকীকৈ মেধাৱী ছাত্র–ছাত্রীৰ উচ্চ শিক্ষাৰ সমস্ত খৰচ বহন কৰি আহিছে৷ আনহাতে, দহগৰাকী জ্যেষ্ঠ ব্যক্তিক তীর্থযাত্রাৰ সুবিধা প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ সেই অনুসৰি উক্ত কার্যসূচীৰ অংশ হিচাপে আজি মাদাৰ বৃদ্ধা আৱাসৰ ১২জনীয়া আৱাসীৰ দল এটাক তীর্থ যাত্রাৰ সুবিধা প্রদান কৰা হ’ব৷ তীর্থ যাত্রাৰ দলটোৱে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ধৰণৰ দিশ চোৱা–চিতাৰ বাবে এজন অভিজ্ঞ ব্যক্তিক লগতে প্রেৰণ কৰা হৈছে ৷

You might also like