নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদী আন্দোলনত হিংসাত্মক কার্যত লিপ্তসকলক চিনাক্ত কৰাৰ বাবে তদন্ত চলাই আছে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (এছ আই টি)–এ৷
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ মহাপৰিদর্শক মৃদুলানন্দ শর্মাৰ নেতৃত্বত গঠিত পাঁচজনীয়া এছ আই টিয়ে ‘কা’বিৰোধী আন্দোলনৰ বিভিন্ন স্থানৰ ভিজুৱেল অহৰহ নিৰীক্ষণ কৰি আছে৷ মৃদুলানন্দ শর্মাৰ উপৰি এছ আই টিত আছে অপৰাধ অনুসন্ধান বিভাগৰ অধীক্ষক লীনা দলে, উপ–আৰক্ষী অধীক্ষক জগদীশ সিন্হা, পৰিদর্শক হিতেশ শর্মা আৰু বলোৰাম টেৰং৷
আৰক্ষী সূত্রই জনোৱা মতে, এছ আই টিয়ে ইতিমধ্যে ‘কা’বিৰোধী প্রতিবাদী আন্দোলনৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰা দুষ্কৃতিকাৰীৰ এখন দীঘলীয়া তালিকা প্রস্তুত কৰিছে৷ বিভিন্ন মাধ্যমৰ পৰা এছ আই টিয়ে দুষৃকতিকাৰীৰ ভিজুৱেল সংগ্রহ কৰি এই তালিকা প্রস্তুত কৰিছে৷
সূত্রটোৰ মতে, এই তালিকাত বহু চিনাকি মুখ আছে৷ তালিকাত থকা দুষ্কৃতিকাৰীৰ বহুতৰে এছ আই টিয়ে ম’বাইল ফোন নম্বৰ ‘ট্রেছ’ কৰিছে৷ হিংসাত্মক কার্যত লিপ্ত এইসকল দুষ্কৃতিকাৰীক আৰক্ষীয়ে শীঘ্রে গ্রেপ্তাৰ কৰিব৷
উল্লেখ্য যে ‘কা’বিৰোধী প্রতিবাদী আন্দোলনৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে ধ্বংস কৰিছিল কোটি কোটি টকাৰ চৰকাৰী সা–সম্পত্তি৷ এই দুষ্কার্যত জড়িত ৰাজ্যৰ ৩০০ৰো অধিক দুষ্কৃতিকাৰীক আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷
ইপিনে ৰাজহুৱা সম্পত্তি ধ্বংস কৰা ভিডিঅ’ ফুটেজ প্রেৰণ কৰিবৰ বাবে আৰক্ষীয়ে ইতিমধ্যে দুটা হোৱাটছএপ নম্বৰ মুকলি কৰিছে ৷ নম্বৰ দুটা হ’ল ৮৬৩৮২–৪৮৩৬৪ আৰু ৯৯৫৭৪–৭৬৬৪১৷ এই নম্বৰ দুটাত ৰাইজে ভিডি’ ফুটেজ প্রেৰণ কৰিব পাৰিব৷