নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত শাৰদী শইকীয়াক আইদেউ সন্দিকৈ বঁটা প্রদান

নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ দেওবাৰে ৰহাৰ গোপীনাথ বৰদলৈ বিদ্যাপীঠত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত, ৰহা শাখা সমিতিৰ সহযোগত অনুষ্ঠিত হয় ষষ্ঠ বার্ষিক আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্রদান অনুষ্ঠান ।

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী আভা বৰাই সঞ্চালনা কৰা সভাখনত উদ্বোধনী ভাষণ দি স্বর্ণ গগৈ বৰুৱাই আইদেউ সন্দিকৈৰ জীৱন পৰিক্রমাৰ আলোকপাত কৰে ৷

সদৌ অসম লেখিকা সমাৰোহৰ ৰহা শাখাৰ সভানেত্রী মনোৰমা ভূঞাই আদৰণী ভাষণ প্রদান কৰা সভাখনত বিশিষ্ট সত্রীয়া নৃত্যশিল্পী তথা সংগীত নাটক একাডেমী বঁটাপ্রাপক শাৰদী শইকীয়াক ষষ্ঠদশ বার্ষিক আইদেউ সন্দিকৈ বঁটা প্রদান কৰা হয়৷

বঁটাৰ লগত গামোচা, শৰাই, মানপত্র, এটা পিতলৰ জাপি আৰু নগদ ধনৰ টোপোলা প্রদান কৰা হয় ৷

আনহাতে, সুকীয়া সুকীয়াকৈ ৰহা শাখা আৰু জাগীৰোড শাখাই শিল্পীগৰাকীক গামোচা, স্মাৰক, শৰাই, সম্বর্ধনা পত্র আদি প্রদান কৰে৷ বঁটা গ্রহণ কৰি শিল্পীগৰাকী অভিভূত আৰু আপ্লুত হোৱা বুলি মন্তব্য কৰি কয় যে নিঃসংগ, নৈৰাজ্য আৰু অৱমাননাৰ মাজেৰে তেওঁ সত্রীয়া নৃত্য শিক্ষা গ্রহণ কৰিছিল৷

নৃত্যৰ ধাৰাক স্বীকৃতি দিয়াৰ বাবে লেখিকা সমাৰোহক ধন্যবাদ জনোৱাৰ লগতে বঁটাৰ লগত আগবঢ়োৱা ধনৰাশি পুনৰ লেখিকা সমাৰোহক প্রদান কৰে আৰু এই ধন আগন্তুক দিনত লেখিকা সমাৰোহে প্রদান কৰিব বিচৰা নির্মল প্রভা বৰদলৈ সোঁৱৰণী বঁটাৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷

You might also like