নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্মীয় স্বাধীনতা

সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাৰে ভাৰতক অস্থিৰ কৰি ৰাখিবলৈ সীমাৰ সিপাৰৰ পৰা অহৰহ নিকৃষ্ট ষড়যন্ত্রত ব্রতী হৈ অহা চিৰবৈৰী পাকিস্তান ধর্মীয় স্বাধীনতা উলংঘাৰ অভিযোগত এইবাৰ আমেৰিকাৰ ৰোষত পৰিছে৷ অকল পাকিস্তানেই নহয়, দেশখনৰ পৰম মিত্র চীনৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ আনিছে হোৱাইট হাউছে৷ আন্তর্জাতিক ধর্মীয় স্বাধীনতা ৰক্ষা আইন–১৯৯৮ৰ অধীনত আমেৰিকাই প্রস্তুত কৰা এখন তালিকা যোৱা ১৮ ডিচেম্বৰত ৰাজহুৱা কৰিছে৷ মার্কিন বৈদেশিক মন্ত্রালয়ে এই তালিকাখনত পাকিস্তান আৰু চীনৰ উপৰি ম্যানমাৰ, উত্তৰ কোৰিয়া, ছৌদি আৰব, ছুডান, তুর্কমেনিষ্টান, ৰাছিয়া, উজবেকিস্তান আৰু নাইজেৰিয়াকো অন্তর্ভুক্ত কৰিছে৷ তালিকাত অন্তর্ভুক্ত কৰাৰ সমান্তৰালভাৱে এই দেশকেইখনৰ ওপৰত বিশেষ নজৰ ৰখাৰ কথাও কোৱা হৈছে মার্কিন বৈদেশিক মন্ত্রালয়ৰ তৰফৰ পৰা৷ আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পি’ৰ কার্যালয়ে এই সন্দর্ভত জাৰি কৰা বিবৃতিত কোৱা হৈছে যে সংখ্যালঘুৰ অধিকাৰক পৰম শ্রদ্ধাৰ দৃষ্টিৰে চাই আহিছে৷ বিশ্বৰ সকলো ঠাইতে তথা সকলো সময়তে সকলো মানুহৰ সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে৷ এই মৌলিক অধিকাৰ যদি কেতিয়াবা উলংঘা হয়, তেন্তে সংশ্লিষ্ট ৰাষ্ট্রখনৰ পৰা আমি উত্তৰ বিচাৰিম৷ ইয়াৰ জৰিয়তে আমেৰিকা যে ধর্মীয় আচৰণৰ স্বাধীনতাত বিশ্বাসী, সেই বার্তাই দিব বিচাৰিছে৷ ইতিমধ্যে সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰূপে সমগ্র বিশ্ববাসীৰ ওচৰত চিহ্ণিত হোৱা পাকিস্তানৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগ হ’ল– চিৰবৈৰী ৰাষ্ট্রখনে ৪০জন সংখ্যালঘুক কাৰাবন্দী কৰি ৰাখিছে৷ তদুপৰি বহুকেইজন সংখ্যালঘুক মৃত্যুদণ্ডও বিহা হৈছে৷ কাৰাবন্দী কৰি ৰখা সংখ্যালঘুসকলক শীঘ্রে মুকলি কৰি দিবলৈ আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পি’ই যোৱা জুন মাহতে ইছলামাবাদলৈ পত্র প্রেৰণ কৰিছিল৷ পাকিস্তানৰ বিৰুদ্ধে আমেৰিকাৰ আন এক অভিযোগ হৈছে– সংখ্যালঘু সম্প্রদায়ৰ মানুহৰ ওপৰত নিতৌ পাকভূমিত নির্যাতন চলোৱা হয়৷ মহাশক্তিধৰ আমেৰিকাৰ এনে অভিযোগ তথা আন্তর্জাতিক ধর্মীয় স্বাধীনতা ৰক্ষা আইনৰ অধীনত পাকিস্তানক তালিকাভুক্ত কৰাৰ পাছত ইছলামাবাদ যে আন্তর্জাতিক মঞ্চত পুনৰবাৰ শ’লঠেকত পৰিব, সেইটো নিশ্চিত৷ ইয়াৰ সমান্তৰালভাৱে পাকিস্তানত সংখ্যালঘুসকল সুৰক্ষিত নোহোৱাৰ কথাটোও পুনৰ প্রতীয়মান হৈ পৰিল৷
একেখন তালিকাত অন্তর্ভুক্ত কৰি পাকিস্তানৰ পৰম মিত্র চীনলৈও কার্যতঃ কঢ়া বার্তা প্রেৰণ কৰিছে আমেৰিকাই৷ উইঘোৰ মুছলমানসকলৰ ক্ষেত্রত চীন প্রশাসনে গ্রহণ কৰা নীতি বিশ্ববাসীৰ বাবে এতিয়া আৰু গোপন হৈ থকা নাই৷ ‘শুদ্ধিকৰণ’ৰ নামত জিনজিয়াং প্রদেশৰ প্রায় ১০ লাখ উইঘোৰক বন্দী কৰি ৰখা হৈছে৷ অতি শেহতীয়াকৈ ‘চাইনা কেব’ল্ছ’–এ এই কথা ৰাজহুৱা কৰিছে৷ বেইজিঙৰ তৰফৰ পৰা সংখ্যালঘু উইঘোৰসকলক জংগী বুলি দাবী কৰিলেও, সেই কথা কোনো কাৰণতে মানি ল’ব বিচৰা নাই আমেৰিকাই৷ আনকি ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পো এইক্ষেত্রত কঠোৰ হৈছে৷ সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি উইঘোৰসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ হকে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এখন বিশেষ আইনত স্বাক্ষৰ কৰিব৷ উইঘোৰসকলৰ ওপৰত চলা নির্যাতনৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্রহণ কৰি আহিছে ‘ভিক্টিম্ছ অৱ কমিউনিজম মেম’ৰিয়েল ফাউণ্ডেচন’ নামৰ এটা সংস্থাই৷ এই সংস্থাটোৱে দাবী কৰা মতে, কর্মসংস্থাপনৰ নামত উইঘোৰসকলক বিভিন্ন কাৰখানাত কাম কৰিবলৈ বাধ্য কৰিছে চীন প্রশাসনে৷ ২০১৮ চনৰ শেষভাগৰ পৰাই এই সংখ্যালঘু উইঘোৰসকলক শ্রমিক হিচাপে কাৰখানাবোৰত নিয়োজিত কৰা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে তেওঁলোকৰ সামাজিক আৰু ব্যক্তিগত জীৱনত চোকা দৃষ্টি আৰু নিয়ন্ত্রণ ৰাখি আহিছে চীন প্রশাসনযন্ত্রই৷ কমিউনিজমৰ পাঠ দিয়াৰ নামত উইঘোৰ সংস্কৃতি আৰু ধর্মক সম্পূর্ণৰূপে নস্যাৎ কৰাৰ চেষ্টা চলাই অহা হৈছে৷ চীনত এনেদৰে সংখ্যালঘুৰ ধর্মীয় স্বাধীনতা উলংঘা হোৱাৰ বিৰুদ্ধে আমেৰিকাই সৰৱ ভূমিকা গ্রহণ কৰাৰ বিপৰীতে কিন্তু এইক্ষেত্রত ইছলামিক ৰাষ্ট্রসমূহে নীৰৱতা অৱলম্বন কৰি আহিছে৷ হয়তো চীনৰ সৈতে বাণিজ্যিক সম্পর্ক আৰু দেশখনৰ পৰা বিনিয়োগ লাভৰ আশাতেই ইছলামিক বিশ্বৰ এনে অৱস্থান৷ ইয়াৰ বাবেই অনাগত সময়ত উইঘোৰসকলে আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব৷ এই কথা উপলব্ধি কৰিয়েই সংখ্যালঘুসকলৰ ধর্মীয় স্বাধীনতা খর্ব কৰা পাকিস্তান–চীনৰ দৰে ৰাষ্ট্রৰ বিৰুদ্ধে আমেৰিকাই গ্রহণ কৰা পদক্ষেপক বিশ্ব সম্প্রদায়ে আন্তর্জাতিক মঞ্চত সমর্থন জনোৱা উচিত৷

You might also like