নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক নিযুক্তিত বৈষম্যৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১২ মার্চঃ কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক নিযুক্তিত জাতিগত বৈষম্যৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে অল ইণ্ডিয়া ট্রাইবেল ষ্টুডেণ্টছ এছ’চিয়েচনৰ অসম শাখাই ৷ এক বিবৃতিত সংগঠনটোৰ উপদেষ্টা অৰিন্দম প্রিন্স পাংগিঙে কয় যে ২০১৯ চনৰ ১৯ জুলাইত এক বিজ্ঞাপনৰ জৰিয়তে বহু বিভাগৰ বাবে সহকাৰী অধ্যাপকৰ পদৰ বাবে আবেদন বিচৰা হৈছিল ৷ বিগত ৮ মাহ ধৰি বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱাই যোৱা ৮ ফেব্রুৱাৰীত ইতিহাস বিভাগৰ দুটা পদৰ বিপৰীতে সাক্ষাৎকাৰৰ বাবে নির্বাচিত প্রার্থীৰ তালিকা বিশ্ববিদ্যালয়ৰ ৱেবছাইটত দিয়া হৈছিল ৷ উক্ত দুটা পদৰ এটা আছিল সংৰক্ষিত আৰু আনটো আছিল ভৈয়াম জনজাতিৰ বাবে সংৰক্ষিত ৷ উল্লেখ্য যে ২৭ ফেব্রুৱাৰীত পদৰ মৌখিক সাক্ষাৎকাৰ সম্পন্ন হৈ অসংৰক্ষিতৰ বিপৰীতে এগৰাকী যোগ্য প্রার্থীয়ে নিযুক্তি লাভ কৰিছে যদিও ভৈয়াম জনজাতিৰ বাবে সংৰক্ষিত প্রার্থীৰ পদৰ ফলাফল আজিকোপতি ঘোষণা নকৰি বৈষম্যমূলক ক্ষোভ প্রকাশ কৰিছে অল ইণ্ডিয়া ট্রাইবেল ষ্টুডেণ্টছ এছ’চিয়েচন আছাম (আইটছা)ৰ কেন্দ্রীয় উপদেষ্টা অৰিন্দম প্রিন্স পাংগিঙে ৷ ইয়াৰ সঠিক তদন্তৰ বাবে অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রত্যক্ষ হস্তক্ষেপ আৰু চিবিআই তদন্তৰো দাবী জনাইছে কেন্দ্রীয় নেতৃবৃন্দই ৷

You might also like