বশিষ্ঠ–লখৰা গড়চুকত নির্মাণ হ’ব উৰণীয়া সেতু
নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ গুৱাহাটী মহানগৰীৰ যান–জঁট ৰোধৰ বাবে বশিষ্ঠ চাৰিআলি, লখৰা আৰু গড়চুকত উৰণীয়া সেতু নির্মাণৰ আঁচনি গ্রহণ কৰা হৈছে৷ উৰণীয়া সেতু নির্মাণৰ বাবে বিস্তৃত প্রকল্প প্রতিবেদন প্রস্তুতৰ কাম চলি আছে৷ মার্চ মাহৰ ভিতৰত এই প্রকল্প প্রতিবেদন প্রস্তুতৰ কাম সম্পূর্ণ হ’ব৷ বুধবাৰে বিধানসভাত বিধায়ক ৰফিকুল ইছলামৰ এক তৰাবিহীন প্রশ্নৰ উত্তৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই এই কথা সদৰী কৰে৷ বিধায়ক ৰফিকুল ইছলামৰ লিখিত প্রশ্ণৰ উত্তৰত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই উৰণীয়া সেতু নির্মাণৰ আঁচনি সন্দর্ভত উত্তৰ দি ডি পি আৰ প্রস্তুত কৰাৰ পিছতে অন্যান্য কাম–কাজ আৰম্ভ হ’ব বুলি সদনত জানিবলৈ দিয়ে৷