নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’হাগ বিহুৰ পূৰ্বে ১১ হাজাৰ শিক্ষকক নিযুক্তি

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ ব’হাগ বিহুৰ পূৰ্বেই টেট উত্তীৰ্ণ সকললৈ সুখবৰ আনিব ৰাজ্যৰ শিক্ষা বিভাগে । বৃহস্পতিবাৰে বিধানসভাত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা ।

চলিত বৰ্ষৰ ভিতৰতে হাইস্কুল আৰু প্ৰাথমিক পৰ্যায়ৰ সকলো পদ পূৰণ কৰা হ’ব বুলি বিধানসভাত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । দুই-এদিনতে এক বিশেষ জাননীৰ লগতে বিহুৰ পূৰ্বেই নিযুক্তি দিয়া হ’ব ১১ হাজাৰ শিক্ষকক ।

ইফালে, উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ জীয়াই ৰাখিবৰ বাবেও চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । আগষ্ট ছেপ্তেম্বৰৰ ভিতৰত নিযুক্তি দিব পৰাকৈ অচিৰেই ৰাজ্যত উচ্চতৰ মাধ্যমিক টেট অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

You might also like