নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত শোকাবহ দুৰ্ঘটনাত প্ৰাণ গ’ল তিনি যুৱকৰ

নিয়মীয়া বাৰ্তা, ৭ মে’: নগৰবেৰাত শোকাকুল পৰিবেশ। দৰাৰ লগত গৈ ঘৰলৈ ওভতা পথত প্ৰাণ গ’ল তিনিজনকৈ বিবাহযাত্ৰী যুৱকৰ। বিয়া শেষ নৌহওঁতেই এখন এল্ট’ বাহনত উঠি দ’ৰাৰ সম্পৰ্কীয় ভাতৃ ভাস্কৰ ঠাকুৰীয়া আৰু দুই বন্ধু ক্ৰমে ৰূপেশ চৌধুৰী আৰু মানস পাঠক উভতিছিল নগৰবেৰাৰ ঘৰ অভিমুখে। কিন্তু বকোৰ শিংৰাত পুৱতি নিশা দুৰ্ঘটনাত পতিত হয় এল্ট’খন। থিতাতে নিহত হয় তিনিওজন যুৱক। উল্লেখ্য যে নিহত যুৱক ভাস্কৰ ঠাকুৰীয়া দুমাহৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।

প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস

You might also like