নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ’ণাৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগৰ যুদ্ধংদেহী প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ কৰণাৰ বিৰুদ্ধে অব্যাহত আছে যুদ্ধ। প্ৰতিটো ক্ষণ গণি গণি কাম কৰিছে স্বাস্থ্য বিভাগে। ৬খনকৈ হাস্পতালত ক’ৰণা মহামাৰীৰ বাবেই সাজু কৰা হৈছে। GMCH, MMCH, সোণাপুৰ মডেল হাস্পতাল, ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়, চাবুৱাৰ টাটা ৰেফাৰেল চেণ্টাৰ আৰু আয়ুৰ্বেদিক কলেজ হ’ব পূৰ্ণাংগ কৰণা চিকিৎসালয়।

              বৰ্তমানলৈ কোনো লোক আক্ৰান্ত হোৱা নাই যদিও সাজু কৰি ৰখা হৈছে ২৬০খন ICU বিচনা। আনহাতে GMCHত সাজু কৰা হৈছে ২৫০০খন বিচনা সাজু কৰি ৰখা হৈছে আনহাতে ৬৫০খন বিচনা ঠিক কৰি ৰখা হৈছে বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই সন্দৰ্ভত সম্পূৰ্ণৰূপে সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ।

You might also like