ধুবুৰীত SI-ASI পৰ্যায়ত ব্যাপক ৰদবদল, স্থানান্তৰিত ৩৭, ৰিজাৰ্ভ ক্ল’জ ২
ধুবুৰী জিলা আৰক্ষীৰ এছআই আৰু এএছআই পৰ্যায়ৰ বিষয়াৰ ব্যাপক সালসলনি কৰা হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য মতে, ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে যোৱাকালি ৪ জুলাইৰ দিনা জিলাখনৰ ৩৭গৰাকীকৈ এছআই আৰু এএছআইক নিজ নিজ কৰ্মস্থলীৰ পৰা বদলি কৰি জিলাখনৰ বিভিন্ন থানা লৈ স্থানান্তৰিত কৰাৰ বিপৰীতে জিলাখনৰ দুগৰাকীকৈ এছআইৰ ৰিজাৰ্ভ ক্ল’জ কৰাৰ নিৰ্দেশ দিছে।

উক্ত নিৰ্দেশ অনুযায়ী ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাৰ এছআই (ইউবি) তপন ডেকা আৰু সাপটগ্ৰাম থানাৰ এছআই (ইউবি) সঞ্জীব মজুমদাৰৰ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। অকস্মাতে জিলাখনৰ মুঠ ৩৯ গৰাকীকৈ আৰক্ষীৰ এছআই আৰু এএছআই পৰ্যায়ৰ বিষয়াৰ ক্ষেত্ৰত লোৱা এই সিদ্ধান্তৰ প্ৰকৃত কাৰণ কি সেয়া জানিব পৰা যোৱা নাই।

অৱশ্যে বকৰিদৰ সময়ত পশ্চিমবংগৰ পৰা ধুবুৰী জিলালৈ অবাধে হোৱা পশুধনৰ সৰবৰাহৰ ঘটনাৰ সৈতে এইবদলিকৰণৰ সম্পৰ্ক থাকিব পাৰে বুলি অনুমান কৰা হৈছে।
নিয়মীয়া বাৰ্তা, ধুবুৰীঃ Date of Published, 5 July