ক’ৰোনা যুদ্ধৰ বাবে অক্ষয় কুমাৰৰ ২৫ কোটি টকাৰ বৰঙণি
নিয়মীয়া বাৰ্তা ২৮ মাৰ্চঃ কেতিয়াবা যদি বান পীড়িত সহায় কৰে কেতিয়াবা আকৌ বিভিন্ন আৰ্তজনক। এইবাৰ ক’ৰোনাৰ যুদ্ধৰ বাবে তেওঁ আকৌ আগবাঢ়ি আহিল। তেওঁ অন্য কোনো নহয়
বলিউদৰ খিলাড়ী কুমাৰ খ্যাত অক্ষয় কুমাৰ। অক্ষয় কুমাৰে ক’ৰোনা যুদ্ধৰ বাবে প্ৰধানমন্ত্ৰী সাহায্য নিধিত ২৫ কোটি টকা আগবঢ়াইছে। অক্ষয় কুমাৰে টুইটাৰ যোগে এই কথা জানিবলৈ দিছে। লগতে অক্ষয় কুমাৰে সকলোকে অনুৰোধ জনাইছে যে ঘৰৰ ভিতৰত থাকক চৰকাৰে দিয়া আদেশ সমূহ পালন কৰক।