নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকঃ জিএমচিএইচত চিকিৎসাধীন চীনৰ পৰা উভতি অহা ছাত্রী

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ আতংক এইবাৰ দেখা দিছে গুৱাহাটী মহানগৰীত । কিছুদিন পূৰ্বে দেহত এই ভাইৰাছ দেখা দিয়াৰ সন্দেহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈঠিল মৰিগাঁৱৰ এজন যুৱক ।

পৰীক্ষা–নিৰীক্ষাৰ অন্তত যুৱকজন ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত নহয় বুলি নিশ্চিত হৈছিল৷ এইবাৰ গুৱাহাটীৰ এগৰাকী যুৱতী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহ কৰা হৈছে৷ চীনত অধ্যয়নৰত এইগৰাকী যুৱতী যোৱা ৬ ফেব্রুৱাৰীত মহানগৰীৰ হেঙেৰাবাৰীস্থিত গৃহলৈ উভতি আহিছিল৷ যোৱা কেইদিনমান সাধাৰণভাৱে চলা–ফুৰা কৰা যুৱতীগৰাকী শেহতীয়াকৈ জ্বৰ, চর্দিত আক্রান্ত হয়৷

কালি যুৱতীগৰাকীক অভিভাৱকে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰে৷ এই সন্দর্ভত জিএমচিএইচৰ অধীক্ষক ৰমেন তালুকদাৰে জানিবলৈ দিয়া মতে, চীনৰ পৰা অহাৰ পিছত অসুস্থ হৈ পৰাৰ বাবে ছাত্রীগৰাকীৰ ক্ষেত্রত সতর্কতা অৱলম্বন কৰা হৈছে৷ যুৱতীগৰাকীক বর্তমানে পর্যবেক্ষণত ৰখা হৈছে আৰু সকলো ধৰণৰ পৰীক্ষা–নিৰীক্ষা চলাই থকা হৈছে৷ প্রাৰম্ভিক চিকিৎসাত ছাত্রীগৰাকীৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ কোনো লক্ষণ প্রত্যক্ষ হোৱা নাই৷ লেবৰেটৰী পৰীক্ষাৰ ফলাফললৈ সম্প্রতি অপেক্ষা কৰা হৈছে৷

মন কৰিবলগীয়া যে চীনত অধ্যয়নৰত ৰাজ্যৰ বহু যুৱক–যুৱতী শেহতীয়াকৈ ঘৰলৈ উভতি আহিছে যদিও এইসকল ছাত্র–ছাত্রীৰ দেহত ক’ৰোনা ভাইৰাছৰ কোনো লক্ষণ দেখা দিয়া নাই৷ স্বাস্থ্য বিভাগে ইতিমধ্যে বৰঝাৰস্থিত বিমানবন্দৰত ১৫ জনীয়া চিকিৎসকৰ দল এটা নিয়োজিত কৰি বিদেশৰ পৰা অহা যাত্রীসকলক স্বাস্থ্য পৰীক্ষা কৰি আছে৷ যোৱা সময়ছোৱাত ১৭৯ গৰাকী বিমান যাত্রীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ অৱশ্যে অসমত হোৱা এনে সুৰক্ষা ব্যৱস্থাৰ বিপৰীতে চুবুৰীয়া নাগালেণ্ডত বিদেশ ভ্রমণ কৰি অহা ৪২ গৰাকী বিমান যাত্রীক এই ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহত বিশেষভাৱে স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷

You might also like