নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত চাৰ্টাৰ্ড একাণ্টেণ্টৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ শুভাৰম্ভ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দুৰ্নীতিমুক্ত ভাৰত অভিযানত চিএসকলে ৰাষ্ট্ৰৰ বাবে কাম কৰিছে

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ ‘দেশ নিৰ্মাণত চাৰ্টাৰ্ড একাউণ্টেণ্ট সকলৰ ভূমিকা গুৰুত্বপূৰ্ণ । দেশৰ তিনি লক্ষাধিক চাৰ্টাৰ্ড একাউণ্টেণ্টে বিমুদ্ৰাকৰণ, জি এছ টি আৰু দুৰ্নীতিমুক্ত ভাৰত অভিযানত ৰাষ্ট্ৰৰ বাবে কাম কৰিছে।’ এই মন্তব্য বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ৰাষ্ট্ৰীয় অধিৱেশন শুভাৰম্ভ কৰি ড০ শৰ্মাই লগতে কয় যে ভাৰতবৰ্ষক চুপাৰপাৱাৰ দেশ হিচাপে পৰিগণিত কৰিবলৈ তথা এখন পাঁচ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশত চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে। এনেধৰণৰ ৰাষ্ট্ৰীয় অধিৱেশনে এই ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ জ্ঞানৰ পৰিধি বঢ়োৱাত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে। ‘দ্য ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড অৱ ইণ্ডিয়া’ গুৱাহাটী শাখাৰ উদ্যোগত মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজিত উৎকৰ্ষ ইন পৰচুট অৱ এক্সিলেন্সী শীৰ্ষক দুদিনীয়াকৈ অনুষ্ঠিত অধিৱেশখনৰ উদ্ধোধনী অনুষ্ঠানত আইচিএআইৰ অধ্যক্ষ পিডিচিচিএ জয় চৌৰিয়া, এছ বি আই গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ চিজিএম সুনীল কুমাৰ টেণ্ডনৰ লগত চাৰ্টাৰ্ড একাউণ্টেণ্টছৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক কপিল গোৱেলে এছেছমেণ্ট ইছ্যু আৰু অপাৰেচন ক্লীন মানীৰ ওপৰত আলোচনা আগবঢ়ায়। প্ৰথম কাৰিকৰী সত্ৰত আহমেদাবাদৰ চি এ সুনীল এ টালাটিয়ে এছেছমেণ্ট প্ৰক্ৰিয়াৰ ওপৰত আলোচনা আগবঢ়ায়। দ্বিতীয় কাৰিকৰী সত্ৰত ইথিক, কোৰ্প’ৰেট ল আৰু একাউণ্টিং ষ্টেণ্ডাৰ্ড কোডৰ ওপৰত আলোচনা কৰা হয়। এই সত্ৰত চি এ(ড০) দেৱাশীষ মিত্ৰই ইথিকৰ কোড আৰু কৰ্প’ৰেট লৰ বৰ্তমান পৰিস্থিতিত হোৱা পৰিৱৰ্তনৰ ওপৰত আলোচনা আগবঢ়ায়। আনহাতে, সংশোধিত ৰিপ’টিং ফৰ্মেটছৰ বিষয়ে সকলোকে অৱগত কৰায়। শাখাৰ উপাধ্যক্ষ চি এ শৰদ আগৰৱালে জনায় যে অধিৱেশনৰ দ্বিতীয় দিনা জি এছ আইনৰ ওপৰত আলোচনা কৰা হ’ব। লগতে জি এছ টি লৰ অধীনত দাবী আৰু ৰেহাই আদিৰ বিষয়ে আলোচনা কৰা হ’ব।