নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থাইলেণ্ডত জিলিকিল অসম কন্যা

অসমলৈ গৌৰব কঢ়িয়াই আনিলে নিকিতই

গুৱাহাটী, ২৩ নবেম্ৱৰঃ থাইলেণ্ডত সৌন্দৰ্য প্ৰতিযোগিতাত জিলিকিল অসম কন্যা নিকিতা প্ৰিয়দৰ্শিনী। থাইলেণ্ডত অনুষ্ঠিত এনিগমা মিছ ইণ্ডিয়া ইণ্টাৰনেছনেল-২০১৯ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ৱ কৰি সফলতা লাভ কৰিছে নিকিতাই। সন্দিকৈ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত নিকিতাই প্ৰতিযোগিতাখনত ৰাণাৰ্ছ আপৰ সন্মান  অৰ্জন কৰাৰ লগতে সন্মানজনক এনিগমা মিছ ইণ্টাৰনেছনেল -২০১৯ লাভ কৰে। আনহাতে দৌৰবিধ হিচাপেও নিকিতা বিশেষভাৱে পৰিচিত। ২০১৭ৰ পৰা ফেশ্ৱন আৰু মডেলিঙৰ জগতত জড়িত হৈ পৰে। বিভিন্ন  ৰাজ্যিক  আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা নিকিতাই প্ৰথমবাৰৰ বাবে বিদেশৰ মাটিত ৰেম্পত খোজ দিয়াৰ সুযোগ লাভ কৰিলে। ভাৰতৰ প্ৰতিনিধিত্ৱ কৰা দলটোত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই একমাত্ৰ হিচাপে থাইলেণ্ডৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লয় নিকিতাই। উদীয়মান মডেলগৰাকীৰ সফলতাত অভিভূত নিকিতাৰ পিতৃ-মাতৃ। লগতে ভবিষ্যতও যাতে এনেদৰে গৌৰৱ কঢ়িয়াই আনিব পাৰে তাকে কামনা কৰিছে সকলোৱে।