নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰস্য উপসাগৰীয় দেশত পাঁচবছৰত মৃত্যু ৩৪,০০০ ভাৰতীয়ৰ

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰঃ পাৰস্য উপসাগৰীয় দেশত প্ৰতিদিনে গড়ে ১৫ জনকৈ প্ৰব্ৰজিত ভাৰতীয় লোকে প্ৰাণ হেৰুৱায় । বিশেষকৈ কুৱেইট, ছৌদি আৰব, বাহৰেইন, কাটাৰ, ওমান আৰু ইউনাইটেড আৰব এমিৰেটছত এনেদৰে কৰ্মৰত ভাৰতীয় লোকৰ মৃত্যু হৈ আহিছে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য মতে, পাৰস্য উপসাগৰীয় দেশসমূহত ২০১৪ চনৰ পৰা এনেদৰে ৩৩,৯৪৪ জন লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰে ৪,৮২৩ জনৰ মৃত্যু হৈছে চলিত বছৰতে । লোকসভাত কংগ্ৰেছ সাংসদ এন উত্তম কুমাৰ ৰেড্ডীৰ এক প্ৰশ্নৰ উত্তৰত গৃহ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ভি মুৰুলীধৰণে কয় যে ছৌদি আৰব আৰু ইউএইতে সৰ্বাধিক ভাৰতীয় লোকৰ মৃত্যু হৈছে । যোৱা পাঁচবছৰত তেলেংগানাৰে সৰ্বাধিক ১২,০০০ লোকে এই উপসাগৰীয় অঞ্চলত প্ৰাণ হেৰুৱাইছে । উল্লেখ্য যে, ভাৰতীয় প্ৰব্ৰজিত এই লোকসকলে প্ৰায়েই দৰমহা নোপোৱা, শ্ৰমিক আইন উলংঘাকে ধৰি বহু সমস্যাৰ সন্মুখীন হৈ আহিছে ।

You might also like