নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত ৬ লেনৰ এক্সট্ৰাড’জড দলঙৰ (Extradosed Bridge) প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নিউ ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে ২,৬০৮.৬৮ কোটি টকাৰ প্ৰকল্প ব্যয়সাপেক্ষে নিৰ্মিত ৮.৪০৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে মহানগৰীৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে যান-জঁট যথেষ্ট হ্ৰাস কৰিব আৰু চহৰখন উত্তৰ পাৰলৈ সম্প্ৰসাৰিত কৰাত সহায় কৰিব।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন” দৃষ্টিভংগীৰে অসম চৰকাৰে ৰাজ্যখনত যোগাযোগ আৰু যাতায়াতৰ উন্নীতকৰণৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। ২০১৯ চনৰ পৰা আৰম্ভ হোৱা এই নিৰ্মাণকাৰ্য ২০২৩ বৰ্ষৰ আগষ্ট মাহত সম্পূৰ্ণ হ’ব। এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ লগত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগো উপস্থিত থাকে।

You might also like