নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চকলং বিবাহ বিতর্কই লগ এৰা নাই শ্রীমন্ত শংকৰদেৱ সংঘক

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: চকলং বিবাহ বিতর্কই লগ এৰা নাই শ্রীমন্ত শংকৰদেৱ সংঘক৷ বৰঞ্চ উত্তৰ–পূর্বাঞ্চলৰ সর্ববৃহৎ ধর্মীয়–সামাজিক সংগঠনটোত বিষয়টোক লৈ তীব্র অন্তর্কলহে গা কৰি উঠিছে৷ পৰিস্থিতি এনেকুৱা পর্যায়ত উপনীত হৈছে যে শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰৰ আসনৰ পৰা কমলাকান্ত গগৈক অপসাৰণৰ বাবে উঠিপৰি লাগিছে৷ ভিতৰি ভিতৰি আৰম্ভ হৈছে ষড়যন্ত্র৷ চর্চা অনুসৰি একাংশ জিলা সমিতিয়ে পদাধিকাৰ গগৈৰ সম্পূর্ণ বিপৰীত স্থিতিত অৱতীর্ণ হৈছে৷ উল্লেখ্য যে আহোম সম্প্রদায়ৰ চকলং বিবাহত উপস্থিত থকাৰ বাবেই চাৰিটা পৰিয়ালক শ্রীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা এঘৰীয়া কৰা হৈছিল৷ মৰিয়নিৰ এই ঘটনা সংবাদ মাধ্যমযোগে ৰাজহুৱা হোৱাৰ পাছতে সর্বত্র সমালোচনাৰ সন্মুখীন হয় শ্রীমন্ত শংকৰদেৱ সংঘ৷ তাৰ মাজতে যোৱা ৩১ অক্টোবৰত সংবাদ মেলযোগে শ্রীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আহোম সম্প্রদায়ৰ ওচৰত ক্ষমা বিচৰা হৈছিল৷ বিষয়টো সিমানতে ওৰ পৰিব বুলি ভবা হৈছিল যদিও বাস্তৱত কিন্তু সেয়া নহ’ল৷ প্রধানতঃ বিতর্কৰ অৱসান পেলাবলৈ ক্ষমা বিচৰাৰ বাবেই পদাধিকাৰ গগৈ আৰু সংবাদ মেলত উপস্থিত থকা বিষয়ববীয়া কেইজনমানক শ্রীমন্ত শংকৰদেৱ সংঘৰ মজিয়াৰ পৰা অপসাৰণৰ তৎপৰতা চলা বুলি চর্চা হৈছে৷ এনে অৱস্থাত অহা ১৯ নৱেম্বৰত জোনাইত অনুষ্ঠিতব্য শ্রীমন্ত শংকৰদেৱ সংঘৰ কার্যনির্বাহক সভাখন উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা প্রকট৷ লক্ষণীয়ভাৱে পদাধিকাৰ গগৈক অপসাৰণ তথা তেওঁৰ বিৰুদ্ধে একাংশ জিলা সমিতি তথা সংগঠনটোৰ গোড়া নেতা সক্রিয় হৈ পৰা বুলি ব্যাপক চর্চা হ’লেও শ্রীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা এই সন্দর্ভত বর্তমানপর্যন্ত প্রকাশ কৰা হোৱা নাই কোনো আনুষ্ঠানিক প্রতিক্রিয়া৷ ইফালে, বিষয়টোক লৈ পদাধিকাৰ গগৈৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও ১৯ নৱেম্বৰৰ কার্যনির্বাহক সভাৰ পাছতহে তেওঁ সকলো কথা প্রকাশ কৰিব বুলি মন্তব্য কৰে৷ গগৈয়ে কয় যে শুনিছোঁ কিছুমান কথা ওলাইছে৷ কিন্তু যিবিলাক ওলাইছে, মই আজিলৈকে একো গম পোৱা নাই৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ সকলো সিদ্ধান্ত কার্যনির্বাহক সভাই লয়৷ অহা ১৯ নৱেম্বৰত জোনাইত কার্যনির্বাহক সভা অনুষ্ঠিত হ’ব৷ মই এতিয়া একো নকওঁ৷ ২০ নৱেম্বৰত মই সকলো কথা ক’ম৷ উল্লেখ্য যে অহা ২০২৩ বর্ষৰ ফেব্রুৱাৰী মাহতহে পদাধিকাৰ গগৈৰ কার্যকালৰ অন্ত পৰিব৷ কিন্তু তাৰ পূর্বেই শ্রীমন্ত শংকৰদেৱ সংঘৰ অন্তর্কলহে ভকত–বৈষ্ণৱকসক বাৰুকৈয়ে অস্বস্তিত পেলাইছে৷ আনকি একাংশই শ্রীমন্ত শংকৰ সংঘত একনায়কত্ববাদ চলাইছে বুলিও অভিযোগ তুলিছে৷ ইপিনে, শ্রীমন্ত শংকৰদেৱ সংঘৰ শেহতীয়া কর্মকাণ্ডক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে তাই আহোম ছাত্র সন্থাৰ উপ–সভাপতি ৰিংকু বৰাই৷ তেওঁ কয় যে সংঘত বিভিন্ন জাতি–জনগোষ্ঠীৰ লোক আছে৷ সেয়েহে এই জাতি–জনগোষ্ঠীৰ সাতামপুৰুষীয়া পৰম্পৰাক সন্মান জনোৱা উচিত৷ নহ’লে অসমীয়া জাতিটো ভাগ ভাগ হৈ পৰিব৷ অসমীয়া বুলি জাতি এটাই নাথাকিবগৈ৷ নিজৰ জাতিটোৰ মাজতেই যাতে বিভেদ সৃষ্টি নহয় তাৰ প্রতি সংঘ সচেতন হোৱা উচিত৷ সংঘৰ দায়িত্ব আছে৷ কিয়নো ই এক আন্তঃৰাষ্ট্রীয় ভিত্তি থকা এক বৃহৎ অনুষ্ঠান৷ আনহাতে, চকলং বিবাহ বিতর্কৰ ওৰ পেলাবলৈ ক্ষমা খোজাৰ বাবেই শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ গগৈৰ বিৰুদ্ধে সংঘৰ একাংশ লোকে ষডযন্ত্র কৰা বুলি প্রচাৰিত বাতৰি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ আৰু কয়– ‘যিকেইজনে পদাধিকাৰগৰাকীক অপসাৰণ কৰাৰ কথা কৈছে তেওঁলোককহে সংঘৰ পৰা অপসাৰণ কৰিব লাগে৷’

You might also like