নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ পূৱ খাগ্ৰাবাৰী ৰাস মহোৎসৱত কবিতাৰ নিশা শীৰ্ষক অনুষ্ঠান

নিয়মীয়া বাৰ্তা , ১২ নবেম্বৰ: বাক্সাৰ পূব খাগ্ৰাবাৰীত চলি থকা ৮৯তম ৰাস মহোৎসৱত কালি নিশা “কবিতাৰ নিশা” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায় ।ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত সাহিত্য সাধনা মঞ্চৰ বাক্সা জিলা সমিতিৰ সহযোগত আৰু সাসামৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত অনুষ্ঠিত হোৱা্ এই অনুষ্ঠানটিত বিশিষ্ট অভিনেতা , কবি তথা নাট্যকাৰ তপন দাস উপস্থিত থাকে । কবি , শিক্ষয়িত্ৰী মানসী নাথে মুকলি কৰা এই অনুষ্ঠানত সাসামৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাসে বন্তি প্ৰজ্বলন কৰে ।সাসামৰ বাক্সা জিলা সমিতিৰ সহঃ সম্পাদক প্ৰণব দাসে আত ধৰা এই অনুষ্ঠানটি সঞ্চালনা কৰে সাসামৰ বাক্সা জিলা সমিতিৰ সভাপতি অনিল কলিতাই । কবিতাৰ নিশা শীৰ্ষক এই অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সম্পাদক নৱজিৎ দাস , সহঃ সম্পাদক জিৎজ্যোতি ডেকা , সাংস্কৃতিক সম্পাদক কংকন কাকতি , কোষাধ্যক্ষ দিগন্ত দাস , প্ৰচাৰ সম্পাদক প্ৰাঞ্জল দাসকে ধৰি কেবাগৰাকীও কাৰ্যনিৰ্বাহক সদস্য । উক্ত অনুষ্ঠানত ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হৰিহৰ বসুমতাৰী ,,কাৰ্যকৰী সভাপতি নব ঠাকুৰীয়া , সাধাৰণ সম্পাদক কুলেন কুমাৰ নাথ , সাংস্কৃতিক উপ সমিতিৰ সভাপতি তথা অধ্যাপক কুমাৰ অনুপমকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

দিগন্ত দাস

You might also like