নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰাণসীৰ পৰা ডিব্রুগড়লৈ চলিব বিলাসী ক্রুইজ

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ:  ৰাজ্যৰ জল পৰিবহণ ক্ষেত্রত শীঘ্রে সংযোজন হ’ব আন এক যুগান্তকাৰী মাইলৰ খুঁটি৷ উত্তৰ প্রদেশৰ বাৰাণসীৰ পৰা ৰাজ্যৰ ডিব্রুগড়লৈ বাংলাদেশৰ মাজেৰে চলিব বিলাসী ক্রুইজ৷ বিশ্বৰ ভিতৰতে সবাতোকৈ দীঘল এই বিলাসী ক্রুইজ চলোৱাৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে৷ এই কথা সদৰী কৰিছে কেন্দ্রীয় বন্দৰ–জল পৰিবহণ মন্ত্রী সর্বানন্দ সোণোৱালে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্রকাশ কৰা অনুসৰি অহা ১০ জানুৱাৰীত এই বিলাসী ক্রুইজৰ যাত্রা আৰম্ভ হ’ব৷ বাৰাণসীৰ পৰা ৫০ দিনাৰ যাত্রা সম্পূর্ণ কৰি ডিব্রুগড়ত উপস্থিত হ’বলগীয়া ক্রুইজখনে ৪ হাজাৰ কিলোমিটাৰ অতিক্রম কৰিব৷ কলকাতা আৰু ঢ়াকাৰ মাজেৰে আহি বিলাসী ক্রুইজখনে অহা ১ মার্চত অসমৰ ডিব্রুগড়ৰ বগীবিলত উপস্থিত হ’ব৷ এই প্রসংগত সর্বানন্দ সোণোৱালে সাক্ষাৎকাৰত এইদৰে কয়– ‘গংগা বিলাস ক্রুইজ বাৰাণসীৰ পৰা ডিব্রুগড়লৈ চলাচল কৰিব আৰু ই হৈছে সবাতোকৈ দীঘলীয়া নদীযাত্রা৷ ৫০ দিনত ক্রুইজখনে ২৭টা ৰিভাৰ ছিষ্টেম আৰু বিশ্ব ঐতিহ্য ক্ষেত্রকে ধৰি ৫০টা পর্যটন ক্ষেত্র দর্শন কৰিব৷ এয়া হ’ব বিশ্বৰ ভিতৰতে এখন নদী জাহাজে অতিক্রম কৰা সবাতোকৈ দীঘল একক নদীযাত্রা৷ নদীযাত্রাৰ মানচিত্রত ক্রুইজখনে ভাৰত আৰু বাংলাদেশৰ নাম সন্নিৱিষ্ট কৰিব৷’ উল্লেখ্য যে বাৰাণসী–ডিব্রুগড়ৰ মাজত এই ক্রুইজ চৰকাৰী–ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) মডেলত চলোৱা হ’ব৷ ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্রাধিকৰণে এই পদক্ষেপৰ বাবে অন্তৰা লাগজাৰী ৰিভাৰ ক্রুইজ আৰু জে এম বক্সি ৰিভাৰ ক্রুইজৰ সৈতে এখন চুক্তি সম্পাদন কৰিছে৷ কেন্দ্রৰ হস্তক্ষেপত এই নদীযাত্রা পৰিচালনা কৰিবলগীয়া সংস্থাই টিকটৰ মূল্য নির্ধাৰণ কৰিব৷ সাক্ষাৎকাৰটোত কেন্দ্রীয় মন্ত্রী সোণোৱালে প্রকাশ কৰা অনুসৰি সকলো প্রকাৰৰ পর্যটকৰ বাবে এই সেৱা উপলব্ধ হ’ব৷ ভাৰতীয় জাহাজ আইন সংশোধনীৰ ফলত লাভ কৰা ৰাষ্ট্রীয় অনুমতিৰ জৰিয়তে যিকোনো ৰাজ্যৰ মাজেৰে এই ক্রুইজখনে কোনো ব্যাঘাত নোহোৱাকৈ চলাচল কৰিব পাৰিব৷ লক্ষণীয় যে বাৰাণসীৰ পৰা যাত্রা আৰম্ভ কৰাৰ পাছত অষ্টম দিনত পাটনাত উপস্থিত হ’ব৷ পৰৱর্তী সময়ত বক্সাৰ ৰামনগৰ আৰু গাজিপুৰৰ মাজেৰে ই পাৰ হ’ব৷ বাংলাদেশত ক্রুইজখনে প্রায় ১,১০০ কিলোমিটাৰ সামৰি ল’ব৷ এই পদক্ষেপে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ সৈতে বাণিজ্যিক সম্পর্ক অধিক সুদৃঢ় কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে৷

You might also like