নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলচ্চিত্রপ্রেমীৰ বাবে সুখবৰ: শীঘ্রে ছবি ঘৰলৈ ‘বকুল ফুলৰ দৰে’

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী: বছৰটোৰ আৰম্ভণিতে অসমীয়া চলচ্চিত্রপ্রেমীসকল্ এটা সুখবৰ৷ শীঘ্রেই ছবিঘৰলৈ আহিব প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত নির্মিত নৱতম অসমীয়া ছবি ‘বকুল ফুলৰ দৰে’৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ প্রযোজনাত তথা বিশিষ্ট পৰিচালক সঞ্জীৱ হাজৰিকাৰ পৰিচালনাত নির্মিত ছবিখন অসমৰ প্রতিটো ছবিঘৰত মুক্তি দিয়াৰ যো–জা চলোৱা হৈছে৷ উল্লেখ্য যে ৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা আৰু ১০ জানুৱাৰীত অন্ত পৰিবলগীয়া জয়পুৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত জুৰীৰ স্পেচিয়েল মেনচন, মেকআপ হেয়াৰ ষ্টাইল এৱার্ড, গ্রীনৰ’জ এৱার্ড ফৰ গ্ল’বেল মেছেজ আৰু য়েল’ ৰ’জ এৱার্ড ফৰ আপকামিং ফিল্ম শিতানত বঁটা লাভ কৰিছে৷ বঁটাসমূহ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ হৈ গ্রহণ কৰে কৃষ্ণা বৰুৱা, অনুপম মহন্ত আৰু ছবিখনৰ শিশুশিল্পী অৰুণাভ হাজৰিকাই৷ অসমলৈ গৌৰৱ কঢ়িয়াই অনা ছবিখনৰ সংগীত পৰিচালনা কৰিছে অন্তৰীপ হাজৰিকাই আৰু কার্যবাহী প্রয়োজক হিচাপে আছে কৃষ্ণা বৰুৱা৷ শিশুৰ মনস্তাত্ত্বিক দিশক লৈ ড০ মৃণাল কলিতাৰ একেই নামৰ সাহিত্য অকাডেমি বঁটাপ্রাপ্ত উপন্যাসৰ কাহিনীৰ আধাৰত নির্মিত ছবিখনে অসমৰ চলচ্চিত্রপ্রেমীসকল্ সমাদৰ লাভ কৰিব বুলি আশা কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ হেড অনুপম মহন্তই৷

You might also like