নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই বিশ্বৰ বজাৰলৈ যাত্রা কৰিব অসমৰ পৰম্পৰাগত পানীয় ‘সাঁজ’

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী: অচিৰেই বিশ্বৰ বজাৰলৈ যাত্রা কৰিব অসমৰ থলুৱা পৰম্পৰাগত পানীয় ‘সাঁজ’৷ যোৰহাটৰ থলুৱা উদ্যোগী আকাশজ্যোতি গগৈৰ আশাসুধীয়া প্রচেষ্টাত অসমৰ ‘সাঁজ’ৰ বিশ্বমুখী যাত্রা এতিয়া আৰম্ভ হোৱাৰ পথত৷ উল্লেখ্য যে প্রায় দহ বছৰজোৰা গৱেষণা–পৰিকল্পনা অন্তত বিগত ২০২২ বর্ষৰ ছেপ্ঢেম্বৰ মাহৰ শেষ ভাগত অসমৰ বজাৰত আকাশজ্যোতি গগৈৰ নর্থ–ইষ্ট এগ্র’ প্রডাক্টছ এণ্ড ছার্ভিচেছ, চমুকৈ নীপছৰ বেনাৰত নতুন ব্রেণ্ড হিচাপে মুকলি কৰা হৈছিল ‘সাঁজ’৷ মুকলিৰ লগে লগেই অসমৰ বজাৰত অভাৱনীয় সঁহাৰি লাভ কৰে আৰু এতিয়া বিদেশৰ বজাৰলৈও ‘সাঁজ’ প্রেৰণৰ প্রস্তুতি চলিছে৷

আজি ‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা এক আছুতীয়া কথা–বতৰাত উদ্যোগী গগৈয়ে কয়– ২০১২ চনৰ পৰা ‘সাঁজ’ক লৈ এটা ব্রেণ্ড উলিওৱাৰ পৰিকল্পনা কৰিছিলোঁ৷ দক্ষিণ–পূব এছিয়াৰ বিভিন্ন দেশ যেনে– চীন, জাপান আদিত এনে ধৰণৰ পৰম্পৰাগত সুৰা আছে৷ কিছুবছৰ পূর্বে জাপানলৈ যোৱাৰ সময়ত ‘চাকে’ বুলি এবিধ পৰম্পৰাগত পানীয় আমাক পৰিৱেশন কৰা হৈছিল৷ খাবলৈ আমাৰ সাঁজৰ দৰে আছিল যদিও অত্যন্ত বেয়া সোৱাদ আছিল৷ কিন্তু জাপানে সেই পানীয়ক ইমান সুন্দৰকৈ ব্রেণ্ডিং কৰিছিল যে আমেৰিকা, লণ্ডন আদিত যথেষ্ট জনপ্রিয় হৈ পৰিছিল ‘চাকে৷’ তেতিয়াই মনলৈ ভাব আহিছিল যে চাকেৰ লেখীয়াকৈ সাঁজৰো যদি ব্রেণ্ডিং কৰিব পৰা যায়, তেন্তে অসমৰ সাঁজেও বিশ্বৰ বজাৰত এক সুকীয়া স্থান লাভ কৰিব পাৰিব৷ তেওঁ কয়– ২০১২ চনৰ পৰাই সেই কথা ভাবি আহিছিলোঁ যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱপৰ হৈ উঠা নাছিল৷ ২০১৬ চনত চৰকাৰ সলনি হোৱাৰ পাছতে ‘হেৰিটেজ লিকাৰ নীতি’ চৰকাৰে গ্রহণ কৰিলে৷ তাৰ পাছৰ পৰাই আমি সাঁজক ব্রেণ্ডিং কৰাৰ বাবে দিনে–নিশাই লাগি গ’লোঁ৷ সেইমর্মেই ৩.৫ কোটি টকা বিনিয়োগ কৰি যোৰহাট জিলাৰ তিতাবৰৰ জালুকনিবাৰীৰ ঔদ্যোগিক পামত দুবিঘা মাটিত ‘সাঁজ’ৰ বাবে এটা প্লাণ্ট খুলি উৎপাদনৰ কাম আৰম্ভ কৰে গগৈয়ে৷ প্রতি মাহত ৫০ হাজাৰ বটল সাঁজ প্রস্তুত কৰিব পৰা প্লাণ্টটোত বর্তমানে মাহেকত ১২ হাজাৰ বটল সাঁজ উৎপাদন কৰি থকা হৈছে৷ উপযুক্ত মানৰ চাউল আৰু প্রায় ১৫ বিধৰো অধিক বনদৰব দি প্রস্তুত কৰা সাঁজৰ কিম্বন প্রক্রিয়া সম্পূর্ণ পৰম্পৰাগত প্রক্রিয়াৰে কৰা হয় যদিও বিশ্ব বজাৰত মান অটুট ৰখাৰ স্বার্থত শুদ্ধিকৰণকে ধৰি আন প্রক্রিয়াবোৰ কৰিবলৈ অত্যাধুনিক প্রযুক্তিসম্পন্ন যন্ত্র ব্যৱহাৰ কৰা হৈছে বুলি গগৈয়ে কয়৷

লক্ষণীয় যে অসমৰ বিভিন্ন ঠাইত গগৈৰ নিজা ব্রেণ্ড সাঁজে জনপ্রিয়তা লভাৰ পাছত চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ, মেঘালয়ৰ লগতে গুৰগাঁও, বাংগালুৰু আদিৰ দৰে উন্নত চহৰবোৰৰ পৰাও সাঁজ বিচাৰি বিভিন্নজনে গগৈক যোগাযোগ কৰিছে৷ ঠিক একেদৰে ছিংগাপুৰ, আমেৰিকা যুক্তৰাষ্ট্র, লণ্ডন আদি উন্নত ৰাষ্ট্রসমূহৰ লগতে ইছলাম ধর্মাৱলম্বী প্রধান চহৰ ডুবাইৰ পৰাও সাঁজৰ ডিমাণ্ড আহিছে বুলি গগৈয়ে জনাইছে৷ সেই অনুসৰি চলিত জানুৱাৰী মাহতে গগৈয়ে অৰুণাচল প্রদেশলৈ সাঁজ প্রেৰণৰ ব্যৱস্থা কৰাৰ লগতে ফেব্রুৰাৱাৰীৰ ভিতৰত গুৰগাঁও, মেঘালয় আৰু ব’হাগ বিহুৰ আগতে ছিংগাপুৰ, বাংগালুৰুলৈ প্রেৰণ কৰিব সাঁজ৷ ঠিক একেদৰে ব’হাগ বিহুৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্র, লণ্ডনকে ধৰি বিভিন্ন বিদেশী ৰাষ্ট্রলৈও অসমৰ নিজা ব্রেণ্ড সাঁজ প্রেৰণৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ লগতে কয়৷ আবকাৰী বিভাগৰ পৰা যাৱতীয় কিছুমান ব্যৱস্থা বর্তমানে সম্পূর্ণ হৈ উঠা নাই বাবেই ৰাইজৰ প্রবল দাবী সত্ত্বেও ইচ্ছা কৰিও সাঁজক অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ভিতৰতে সীমাবদ্ধ ৰাখিবলগীয়া হৈছে৷

অৱশ্যে চলিত বছৰৰ ভিতৰতে চৰকাৰী প্রক্রিয়াবোৰ সম্পূর্ণ হৈ উঠিব বুলি তেওঁ আশা প্রকাশ কৰাৰ লগতে ‘সাঁজ’ক বিশ্বমুখী কৰাৰ পৰিকল্পনাও এইবাৰ সম্পূর্ণ নিশ্চিতভাৱে হ’ব বুলি গগৈয়ে লগতে কয়৷ তেওঁ কয় যে বিভিন্ন ৰাষ্ট্রৰ দেশীয় সুৰা–ৱাইন ভাৰতত বিক্রী হৈ থকাৰ দৰেই অসমৰ সাঁজৰো এখন বৃহৎ বজাৰ আন্তঃৰাষ্ট্রীয় পর্যায়ত আছে৷ মাথোঁ প্রয়োজন উন্নত ব্রেণ্ডিং আৰু সহযোগিতাৰ৷ ৰাজ্য চৰকাৰে গ্রহণ কৰা হেৰিটেজ লিকাৰ পলিচী এইক্ষেত্রত সহায়ক হৈছে বুলি তেওঁ মন্তব্য কৰে৷ উল্লেখ্য যে ২০২১ চনত অসম গৌৰৱ বঁটাৰে সন্মানিত গগৈৰ এই প্রচেষ্টাৰ ফলতেই তেওঁৰ উদ্যোগত ৩০গৰাকী লোকে কর্মসংস্থাপন পোৱাৰ লগতে যোৰহাটৰ বহু মহিলাই পৰোক্ষভাৱে হ’লেও লাভৱান হ’বলৈ সক্ষম হৈছে৷ সাঁজৰ পাছত অসমৰ আন পৰম্পৰাগত সুৰা যেনে– ছাই মদ, ৰহি আদিৰ ব্রেণ্ডিঙতো কাম কৰাৰ এটা সৰুকৈ হ’লেও পৰিকল্পনা আছে বুলি গগৈয়ে লগতে সদৰী কৰে৷

You might also like