নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা নিযুক্তিঃ পুনৰ পৰীক্ষণ হ’ব ৫৫৯২ টেট শিক্ষকৰ প্রমাণ–পত্র

নিযুক্তি কেলেংকাৰিক লৈ কঠোৰ শিক্ষা বিভাগ

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ টেটৰ ভুৱা প্রমাণ–পত্রৰে একাংশ প্রার্থীয়ে শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে ইয়াক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ৷ বিভিন্ন হাইস্কুল, হাইমাদ্রাছা আৰু হায়াৰ ছেকেণ্ডাৰীসমূহত নিযুক্তি লাভ কৰা টেট শিক্ষকসকলৰ প্রমাণ–পত্রসহ সকলো নথি–পত্র পুনৰীক্ষণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ ইতিমধ্যে মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকে এই সন্দর্ভত বিদ্যালয় পৰিদর্শকসকলক যাৱতীয় তথ্য দাখিল কৰিবলৈ নির্দেশ দিছে৷ সেই অনুসৰি ২০১৬–১৭ বর্ষৰ পৰা ২০২০–২১ বর্ষলৈকে নিযুক্তি লাভ কৰা মুঠি ৫,৫৯২গৰাকী শিক্ষকক সবিশেষ তথ্য দাখিল কৰিবলৈ বিদ্যালয় পৰিদর্শকসকলক নির্দেশ দিয়া হৈছে৷ ইয়াৰ ভিতৰত ২০১৬–১৭ বর্ষৰ ৪৪জন, ২০১৭–১৮ বর্ষৰ ৩৩৭জন, ২০১৮–১৯ বর্ষৰ ১০৪জন আৰু ২০২০–২১ বর্ষৰ দুজন স্নাতক শিক্ষক আছে৷ তদুপৰি পৰীক্ষণৰ বাবে তথ্য বিচৰা স্নাতক শিক্ষকৰ সংখ্যা হৈছে ৫,১০৫জন৷ শিক্ষামন্ত্রীৰ যাৱতীয় অনুমতি লাভ কৰাৰ পাছতে এই শিক্ষকসকলৰ নথি–পত্র পৰীক্ষণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

উল্লেখ্য যে ইয়াৰ পূর্বে বিটিচিত কেইবাজনো শিক্ষকে ভুৱা টেটৰ প্রমাণ–পত্রৰে চাকৰি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছিল৷ এক অভিযোগৰ ভিত্তিত এই ভুৱা টেটৰ প্রমাণ–পত্রৰ অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ এই তদন্তৰ পাছত শিক্ষক আৰু দালালসহ মুঠ ২৬জনক গ্রেপ্তাৰো কৰা হৈছিল৷ এই লোকসকলক গ্রেপ্তাৰৰ পাছতে পোহৰলৈ আহিছিল বহু বিস্ফোৰক তথ্য৷ সেই অনুসৰি ৭ লাখ টকাপর্যন্ত এখন ভুৱা প্রমাণ–পত্রৰ বাবে দালালক প্রদান কৰিছিল একাংশ শিক্ষকে৷ ইয়াৰ লগে লগে ইতিমধ্যে শিক্ষা বিভাগত নিযুক্তি লাভ কৰা বৃহৎসংখ্যক টেট শিক্ষকৰ মাজত যাতে কোনেও ভুৱা প্রমাণ–পত্র দাখিল কৰি বক্রপথেৰে চাকৰি ল’ব নোৱাৰে, তাৰ বাবে এই নথি পৰীক্ষণৰ ব্যৱস্থা কৰিছে শিক্ষা বিভাগে৷
শিক্ষক বদলিৰ বাবে ১০ দিনৰ ভিতৰত কৰিব লাগিব পঞ্জীয়নঃ ৭০ ঠিকাভিত্তিক শিক্ষকক কৈফিয়ৎ তলৱ
ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ দীঘলীয়া উৎকণ্ঠাৰ অন্ত পেলাই আজি আনুষ্ঠানিকভাৱে মুকলি হ’ল শিক্ষক বদলিৰ অনলাইন প’র্টেল৷ এই অনলাইন প’র্টেলৰ জৰিয়তে শিক্ষকসকলে বদলিৰ বাবে আবেদন কৰিব পাৰিব৷ উল্লেখ্য যে শিক্ষক বদলিক লৈ চলি থকা বিভিন্ন অনিয়ম তথা খেলিমেলিক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এটা অনলাইন প’র্টেল মুকলিৰ নির্দেশ দিছিল৷ মুখ্যমন্ত্রীৰ নির্দেশ অনুসৰিয়েই শেহতীয়াকৈ সর্বশিক্ষা অভিযান মিছনে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক, জিলা প্রাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়কলৈ জাননী প্রেৰণ কৰিছিল৷ সেই অনুসৰিয়েই সর্বশিক্ষা অভিযানে অসমৰ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তি আৰু বদলি নিয়ামক আইন অনুসৰি অনলাইনযোগে শিক্ষকৰ বদলি প্রক্রিয়া আৰম্ভ কৰে৷ আজি আনুষ্ঠানিকভাৱে এই প্রক্রিয়া মুকলি হয়৷

ইফালে, নতুন শিক্ষা নীতিৰ বিভিন্ন দিশক লৈ আজি উচ্চ শিক্ষা সঞ্চালকালয়ে এক পর্যালোচনা বৈঠকত বহে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু৷ এই পর্যালোচনা বৈঠকত নতুন শিক্ষা নীতি অনুসৰি শিক্ষা সঞ্চালকালয় একত্রীকৰণৰ বিভিন্ন দিশসমূহ আলোচনা কৰা হয়৷ শিক্ষা বিভাগৰ আটাইকেইজন সঞ্চালক তথা শীর্ষ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত শিক্ষকৰ পেন্সন সন্দর্ভতো এলানি সিদ্ধান্ত গ্রহণ কৰা হয়৷ শিক্ষামন্ত্রীগৰাকীয়ে বৈঠকৰ অন্তত জানিবলৈ দিয়া মতে, শিক্ষকসকলৰ পেন্সনৰ ফাইল এতিয়াৰে পৰা শিক্ষা সঞ্চালকালয়লৈ নাহে৷ শিক্ষানুষ্ঠানৰ অধ্যক্ষই পোনপটীয়াকৈ মহাগাণনিকৰ কার্যালয়লৈ প্রেৰণ কৰিব ফাইল৷ মুখ্যতঃ শিক্ষা সঞ্চালকালয়লৈ এনেবোৰ কাম লৈ শিক্ষক তথা অন্যান্য কর্মচাৰী অহাটো বন্ধ কৰাৰ বাবে পেন্সন তথা অন্যান্য কামসমূহৰ বাবে সঞ্চালকালয়ত একাষৰীয়াকৈ ৰখা হৈছে৷ এতিয়াৰে পৰা এনেধৰণৰ সকলো প্রক্রিয়া প’র্টেলৰ জৰিয়তে সম্পন্ন কৰা হ’ব৷

ইফালে, শিক্ষক বদলিৰ অনলাইন প’র্টেল সন্দর্ভত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে আজি প’র্টেলটো মুকলি হোৱাৰ ১০ দিনৰ ভিতৰত যিসকলে বদলিকৰণ বিচাৰে, তেওঁলোকে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব৷ ১০ ডিচেম্বৰৰ পাছত তেওঁলোকে আবেদন কৰিব পাৰিব৷ বদলিকৰণৰ ক্ষেত্রত বিভাগে ইতিমধ্যে যিবোৰ গাইডলাইন প্রস্তুত কৰি দিছে, সেই গাইডলাইনৰ আধাৰত শিক্ষকে আবেদন কৰিলে বিষয়টো বিভাগে নিষ্পত্তি কৰিব৷ এই প’র্টেলৰ জৰিয়তে মুখ্যতঃ আন্তঃজিলা বদলিকৰণকহে গুৰুত্ব দিয়া হ’ব৷ জিলাসমূহৰ ভিতৰত হ’ব লগা বদলিকৰণ বিভাগে আলোচনাৰ জৰিয়তে সম্পন্ন কৰিব৷ ইফালে, মাধ্যমিক শিক্ষা সঞ্চালকালয়ত শেহতীয়াকৈ নিযুক্তি হোৱা ৭০গৰাকী ঠিকাভিত্তিক শিক্ষকে দুটাকৈ দৰমহা লৈ থকাৰ অভিযোগত আজি প্রতিজন শিক্ষককে শিক্ষা সঞ্চালকালয়ৰ কার্যালয়ত হাজিৰ হ’বলৈ নির্দেশ দিছিল৷ শিক্ষা বিভাগৰ উক্ত নির্দেশমর্মে আজি ৭০জন ঠিকাভিত্তিক শিক্ষক কাহিলিপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কার্যালয়ত উপস্থিত হয়৷ পি চি/এম আই এছ চি/১/২০২০/৪৫ নম্বৰৰ এক জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে দিয়া এই নির্দেশৰ ভিত্তিতেই উপস্থিত হোৱা ৭০জন শিক্ষকক দুটা দৰমহাৰ প্রসংগত একাংশ বিষয়াই সোধা–পোছা কৰে৷

উল্লেখ্য যে ২০১০ চনৰ তদানীন্তন কংগ্রেছ চৰকাৰৰ দিনত প্রায় ৮,৫০০গৰাকী যুৱক–যুৱতীয়ে হাইস্কুলত ঠিকাভিত্তিক শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল৷ ইয়াৰে ৪,৯৭০গৰাকী শিক্ষকৰ চাকৰি ২০১৯ চনত নিয়মীয়া কৰা হয়৷ পূর্বে বেংকৰ জৰিয়তে দৰমহা লাভ কৰা এইসকল শিক্ষকে শেহতীয়াকৈ তিনি মাহৰ দৰমহা একেলগে লাভ কৰে৷ অনলাইনৰ জৰিয়তে দৰমহা লাভ কৰাৰ সময়তে এইসকল শিক্ষকে আন এটা একাউণ্ট হেডৰ পৰা দৰমহা লাভ কৰাৰ তথ্য লাভ কৰে কোষাগাৰে৷ কার্যতঃ দুটাকৈ দৰমহা লাভ কৰা শিক্ষকসকলে কিয় দুটাকৈ দৰমহা গ্রহণ কৰি আছে, সেই সন্দর্ভত সোধা–পোছাৰ বাবে আজি মাধ্যমিক শিক্ষা সঞ্চালকালয়ত উপস্থিত হোৱাৰ বাবে কৈফিয়ৎ তলব কৰা হৈছিল৷ এই ৭০গৰাকী শিক্ষকৰ বৰপেটাৰ ৭গৰাকী, বঙাইগাঁৱৰ ৩গৰাকী, কাছাৰৰ ৬গৰাকী, দৰঙৰ ২গৰাকী, ধেমাজিৰ এগৰাকী, ডিব্রুগড়ৰ ৪গৰাকী, ডিমা হাছাওৰ ৩গৰাকী, গোৱালপাৰাৰ ৯গৰাকী, গোলাঘাটৰ এগৰাকী, যোৰহাটৰ ৮গৰাকী, কামৰূপ (মহানগৰ)ৰ এগৰাকী, কামৰূপ (গ্রাম্য)ৰ ২গৰাকী, কার্বি আংলঙৰ ৪গৰাকী, কৰিমগঞ্জৰ এগৰাকী, লখিমপুৰৰ ২গৰাকী, নগাঁৱৰ ৫গৰাকী, শিৱসাগৰৰ ৪গৰাকী, নলবাৰীৰ এগৰাকী, শোণিতপুৰৰ ৫গৰাকী আৰু তিনিচুকীয়া জিলাৰ এগৰাকী৷

You might also like