নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ ডনবস্ক বিদ্যালয়ত ছাত্ৰৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটত তিনিজনকৈ শিক্ষক আহত

২২ জন ছাত্ৰ আঘাতপ্ৰাপ্তঃ২৯ জন শিক্ষাৰ্থীক এমাহলৈ বহি:স্কাৰ কৰিলে কতৃপক্ষই

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ এক নজিৰবিহীন ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে ডিব্ৰুগড়ত।
ডিব্ৰুগড়ৰ ডনবক্স উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদতে সংঘটিত হল এক শিহৰণকাৰী ভয়ংকৰ ঘটনা।যি ঘটনাই সচেতন তথা বৌদ্ধিক মহলৰ চকু কঁপালত তুলিছে।জানিব পৰা মতে বিদ্যালয়খনৰ শ্ৰেনীকোঠাৰ বাহিৰত প্ৰচণ্ড মাৰ – পিটত গুৰুতৰভাবে আহত হয় কুৰিজনৰ অধিক ছাত্র।বিদ্যালয়ৰ কতৃপক্ষ,শিক্ষাগুৰু আৰু অনান্য কৰ্মচাৰীৰ সন্মুখতেই সংঘটিত এনে অবাঞ্ছিত তথা অপ্ৰত্যাশিত ঘটনাই সকলোকে লজ্জানত কৰিলে।বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক বৰ্ষৰ ছাত্ৰৰ দুটা দলৰ মাজত হোৱা প্ৰচণ্ড মাৰ-পিটত একপ্ৰকাৰ ৰণক্ষেত্ৰলৈ ৰূপান্তৰিত হল মিছনেৰি শিক্ষানুষ্ঠান ডনবস্ক’।ঘটনাটো ইমানেই অকল্পনীয় বা অপ্ৰত্যাশিত আছিল যে আক্ৰমনৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰী সকলে ঘটনাৰ উম-ঘাম নৌপাওঁতেই আক্ৰমণত একপ্ৰকাৰ ধৰাশায়ী হৈ পৰিছিল।ঘটনাটোত কেইবাগৰাকী ছাত্ৰ গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হব লগা হয়।উক্ত মাৰপিটত হস্তক্ষেপ কৰিবলৈ যোৱাত তিনিগৰাকীকৈ বিদ্যালয়ৰ শিক্ষকো গুৰুতৰভাবে আহত হোৱা বুলিও সূত্ৰত প্ৰকাশ।জানিব পৰা মতে এনে ঘটনাত জড়িত ২৯ গৰাকী ছাত্ৰক এমাহৰ বাবে বৰ্খাস্ত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।ঘটনাটো কালি সংঘটিত হোৱাৰ পাছত বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও আজি পোহৰলৈ আহে সমগ্ৰ ঘটনা।মিছনেৰি বিদ্যালয়খনত সংঘটিত এই ঘটনাত প্ৰায় ২২ জন ছাত্ৰ কম-বেছি পৰিমানে আঘাটপ্ৰাপ্ত হব লগীয়া হৈছে।বিদ্যালয়ত পৰিস্থিতি অধিক জটিল আৰু স্পৰ্শকাতৰ হৈ পৰাত ডনবক্স বিদ্যালয়ৰ কতৃপক্ষই কালি নিশাৰ ভাগত অৰুনাচলৰ ছাত্ৰ-ছাত্ৰী থকা এটা ব্যক্তিগত হোষ্টেলত আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনী মোতায়েন কৰিব লগাত পৰে।জানিব পৰা মতে একাংশ লোকে উক্ত হোষ্টেলত আক্ৰমণৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উঠিছে।ইফালে ঘটনাটোক লৈ আজি শিক্ষানুষ্ঠানখনৰ উচ্চতৰ মাধ্যমিক শাখাৰ পাঠদান বন্ধ কৰিব লগীয়া হয়।আনহাতেদি সমগ্ৰ ঘটনাটি সহজভাৱে লব পৰা নাই ডিব্ৰুগড়ৰ সচেতন মহলে। অভিভাৱকসকলৰ অভিযোগ অনুসৰি কালি বিদ্যালয়ত পাঠদানৰ বিৰতিৰ সময়তে উচ্চতৰ মাধ্যমিক শাখাৰ এদল ছাত্ৰ-ছাত্ৰী আহি হঠাতে কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ বিদ্যালয়ৰ বাৰাণ্ডাত থকা ছাত্ৰ সকলক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে শ্ৰেণী কোঠাত বহি থকা একাংশ ছাত্ৰ-ছাত্ৰীক এই আক্ৰমণৰ লক্ষ্য কৰি লয়।উক্ত ভয়াবহ আক্ৰমণত ছাত্ৰ-ছাত্ৰীসকলৰ মুৰ,পিঠি,বুকু,ভৰি,চকু আৰু শৰীৰৰ বিভিন্ন অংগ আঘাতপ্ৰাপ্ত হয়।ইফালে বিদ্যালয় কতৃপক্ষৰ ৰোষৰ বলি হোৱাৰ ভয়ত বা নিজ সন্তানৰ ভবিষ্যতৰ কথা ভাবিয়েই সকলো অভিভাৱকে নিজ নিজ আঘাটপ্ৰাপ্ত সন্তানক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায়।অৱশ্যে ঘটনা সংক্ৰান্তত আৰক্ষী থানাত অভিভাৱকে এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে উচিত তদন্ত নকৰাৰ অভিযোগ উত্থাপিত হৈছে।বিদ্যালয়খনত লাগি থকা চিচি টিভিৰ ফুটেজত হয়তো ঘটনাটোৰ বহুখিনি তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।আনহাতে বিদ্যালয়খনৰ চৌহদত শিক্ষক আৰু অন্যান্য কৰ্মচাৰী থকাৰ পিছতো দুটা শিক্ষাৰ্থী দলৰ মাজত মাৰ- পিটৰ এই ঘটনাক সহজভাৱে লোৱা নাই অভিভাৱকসকলে।ঘটনাৰ সূত্ৰপাত কৰ পৰা আৰু কিয় হল,তাৰ প্ৰকৃত তথ্য এতিয়াও সুস্পষ্ট হোৱা নাই যদিও ঘটনাটোত ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ দিশটো ভয়াবহভাবে উন্মোচিত হৈছে।সেয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে সচেতন মহলে।স্বাভাৱিকতে এনে ঘটনাই বৌদ্ধিক মহলত এক বিৰূপ প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like