নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত প্ৰতিক্ৰিয়া : কংগ্ৰেছী নেতা-কৰ্মী, AJYCPৰ প্ৰাক্তন সাধাৰণ সম্পাদকসহ কেইবাগৰাকী গেৰুৱা দলৰ শৰণাপন্ন

 

নিয়মীয়া বাৰ্তা, ৫ আগষ্ট : এফালে আজি ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ জোৰদাৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে একাংশ সক্ৰিয় নেতা-কৰ্মী কংগ্ৰেছ দল এৰি বিজেপিৰ শৰণাপন্ন হোৱা বিষয়টোৱে তিতাবৰ সমষ্টিত ব্যাপক চৰ্চা লাভ কৰিছে। জানিব পৰা মতে তিতাবৰ সমষ্টিত দীৰ্ঘবছৰে কংগ্ৰেছৰ দখলত থকা মাধপুৰ পঞ্চায়তৰ সভানেত্রী প্ৰিয়ংকা ফুকন, বেবেজিয়া পঞ্চায়তৰ সভানেত্রী গীতাঞ্জলি ৰাজখোৱা, বেকাজান পঞ্চায়তৰ প্ৰাক্তন সভাপতি সঞ্জয় ৰেগণ, মাধপুৰৰ ৱাৰ্ড সদস্য বিকাশ ওৰাং, বৃষ্টিপ্ৰৰ্ণা সোনোৱাল, দীপিকা বৰা লগতে ভালেকেইজন কংগ্ৰেছ কৰ্মী আজি গেৰুৱা দলৰ শৰণাপন্ন হয়। ইয়াৰ উপৰি কিছুদিনৰ পূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা পদত্যাগ কৰা তথা সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দেৱজিৎ হাজৰিকা, তিতাবৰৰ অনুসূচিত জাতি সন্মিলনৰ সম্পাদিকা পবিত্ৰা দাস, চুতীয়া ছাত্ৰ সন্থা ইকৰাণী আঞ্চলিক সমিতিৰ প্ৰাক্তন সম্পাদক যদুমনি বৰা আদিৰ সৈতে কেইগৰাকীয়ে বিজেপিত যোগদান কৰে। অসম চৰকাৰৰ মন্ত্ৰী পিয়ুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা আদিৰ উপস্থিতিত যোৰহাট থিয়েটাৰ হলত অনুষ্ঠিত এখন সাংগঠনিক সভাত আটাইকেইগৰাকী নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। উল্লেখ্য যে এসময়ত কংগ্ৰেছৰ চোতালতেই ৰাজনৈতিক জীৱনৰ পাতনি মেলা বহুকেইগৰাকী কংগ্ৰেছ কৰ্মীয়ে বৰ্তমান নিজা অঞ্চলটোৰ উন্নয়ণৰ স্বাৰ্থতেই বিজেপিৰ দলত যোগাদান কৰিছে বুলি মাধপুৰ পঞ্চায়তৰ সভাপতি প্ৰিয়ংকা ফুকনে জানিবলৈ দিয়ে। কিছুদিনৰ পিছতে তিতাবৰ আন একাংশ বাৰ্ড সদস্য গেৰুৱা দলত যোগদানৰ বাবে সাজু হোৱাৰ কথাও প্ৰকাশ কৰিছে ফুকনে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে এটা অৰাজনৈতিক সংগঠনত জীৱনৰ ১৯ বছৰতকৈয়ো অধিক সময় কাম কৰা দেৱজিৎ হাজৰিকা বিজেপিৰ দলৰ নিকা ভাবমূৰ্তিৰ প্ৰতি আকৃষ্ট হৈয়ে বিজেপিত যোগদান কৰা বুলি জানিবলৈ দিয়ে। ইফালে একাংশ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগৰ সন্দৰ্ভত তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কেতিয়াবা দলত কিছুমান ব্যক্তিয়ে সোতৰ পক্ষত যাব বিচাৰে। আমি মানা কৰিছিলোঁ। তেওঁলোকে আমাৰ কথা শুনা নাই। তেওঁলোকে হয়তো উজ্জ্বল ভৱিষ্যতৰ কথা চিন্তা কৰি যাব বিচাৰিছে। সেইটো তেওঁলোকৰ ব্যক্তিগত কথা। এতিয়া আমি যিসকল কংগ্ৰেছ দলটোত আছো সকলোৱে একত্ৰিত হৈ আৰু অধিক শক্তি আহৰণ কৰিব পাৰিম বুলি আমি বিশ্বাসী বুলি স্পষ্টকৈ প্ৰকাশ কৰে বিধায়ক বৰুৱাই।

প্ৰেৰক : অজয় শইকীয়া, নগাবাট

You might also like