নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এল্লেন গুৱাহাটীৰ ২০গৰাকী শিক্ষার্থীৰ যোগ্যতা অর্জন

এনটিএছই দ্বিতীয় পর্যায়ৰ পৰীক্ষা

গুৱাহাটী, ২৩ ফেব্রুৱাৰীঃ মাধ্যমিক শিক্ষা সঞ্চালক গুৱাহাটীৰ কার্যালয়ৰ পৰা ইতিমধ্যে প্রকাশিত এনটিএছই প্রথম পর্যায়ৰ ফলাফল ঘোষণা কৰা হৈছে ৷ ফলাফল অনুসৰি প্রথম বর্ষতেই এল্লেন গুৱাহাটীৰ শাখাই চমকপ্রদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ এল্লেনৰ এনে সাফল্যই শিক্ষার্থীসকলৰ মাজত উৎসাহৰ জোৱাৰ তুলিছে ৷ এল্লেন কেৰিয়াৰ ইনষ্টিটিউট গুৱাহাটী কেন্দ্রৰ কর্তৃপক্ষৰ তৰফৰ পৰা প্রকাশ কৰা মতে এইবাৰ এল্লেনৰ ২০গৰাকী শিক্ষার্থীয়ে এনটিএছই দ্বিতীয় পর্যায়ৰ পৰীক্ষাৰ বাবে যোগ্যতা অর্জন কৰিছে ৷ এনটিএছই দ্বিতীয় পর্যায়ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হ’লে শিক্ষার্থীসকলে মানৱ সম্পদ উন্নয়ন বিভাগৰ স্ক’লাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হ’ব ৷

You might also like