নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ডেৰশ  বছৰীয়া জয়ন্তীৰ  উদ্বোধনী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ৩১ জুলাই-ডেৰশ বছৰ অতিক্ৰম কৰা বৌদ্ধিক তথা বিদ্যায়তনিক উৎকর্ষ সাধনৰ মহান মন্ত্রেৰে গঢ় লৈ উঠা ঢকুৱাখনা মহকুমাৰ জীয়ামৰীয়াস্থিত ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়খনত দেওবাৰে অনুষ্ঠিত হয় ডেৰশ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভনি অনুষ্ঠান । মহকুমাটোৰ উত্তৰ ঢকুৱাখনা অঞ্চলত স্বৰাজ লাভৰ পূৰ্বেই ১৮৭২ চনৰে পৰা  উৎকৃষ্ট মানৱ সম্পদ গঢ়াত মেটমৰা অৱদান আগবঢ়াই অহা বিদ্যালয়খনৰ গৰিমাময় ইতিহাস স্মৰণৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা ডেৰশ বছৰীয়া জয়ন্তীৰ আজি লাইখুঁটা স্থাপন কৰে বিশিষ্ট সমাজ সেৱক চফাৰাম দাসে।এক উছৱমুখৰ পৰিৱেশত আয়তীৰ উৰুলি আৰু শংখধ্বনিৰ মাজত বিদ্যালয়ৰ পৰিয়াল , প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষী ৰাইজ আৰু শিক্ষাব্রতী সমাজৰ উপস্থিতিত লাইখুঁটা স্থাপন অনুষ্ঠানৰ পিছতেই অনুষ্ঠিত হয় উদ্ধোধনী অনুষ্ঠানৰ মূল কাৰ্যসূচী।বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা উদ্ধোধনী অনুষ্ঠানৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে তিনিচুকীয়াৰ পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে। উদ্বোধনী ভাষণত বিদ্যালয়খনৰো প্ৰাক্তন ছাত্ৰ ডঃ মজিন্দাই এখন সৎ-শিক্ষিত সমাজ গঢ়াৰ বাবেই শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠা আৰু শিক্ষাদান কৰা হয় বুলি উল্লেখ কৰি সমস্যাৰ সমাধান , সময় ব্যৱস্থাপনা , গঠনমূলক চিন্তা , আবেগৰ নিয়ন্ত্ৰণ আদি শৈলী সমূহৰ বিষয়ে সদা সচেতন হৈ থাকি জীৱন যুঁজত আগবাঢ়ি এগৰাকী সুনাগৰিক হিচাপে গঢ়ি উঠিবলৈ ছাত্ৰী সকলক আহ্বান জনায় ।বিদ্যালয়ৰ শিক্ষক ভাস্কৰ দাসে আঁত ধৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াই।তেখেতে বিদ্যালয়খন প্ৰতিষ্ঠাকালত জড়িত লোকসকলক স্মৰণ কৰাৰ লগতে তেখেতসকলৰ অশেষ ত্যাগ আৰু কষ্টৰ ফলৰ এই বিদ্যালয়খনে আজিৰ এই স্থানত উপনীত হবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে।ইয়াৰোপৰি বিদ্যালয়খনে সমগ্ৰ উত্তৰ ঢকুৱাখনা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাই থকা বুলি উল্লেখ কৰি ঢকুৱাখনা মহকুমাৰ শৈক্ষিক ক্ষেত্ৰত এই বিদ্যালয়খনৰ অৱদান সুকীয়া বুলিও ভাষণত উল্লেখ কৰে।অনুষ্ঠানত উপস্থিত থাকি ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৱে বিদ্যালয়খনৰ খনৰ ডেৰশ বছৰীয়া জয়ন্তী উৎসৱত সহযোগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি অসম চৰকাৰে আৰু শৈক্ষিক ক্ষেত্ৰত বহুতো ইতিবাচক পদক্ষেপ লোৱা বুলিও মন্তব্য কৰে।

উদযাপন সমিতি সভাপতি কুল বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা উদ্বোধনী অনুষ্ঠানত ঢকুৱাখনাৰ মহকুমাধপতি অৰিন্দম বৰুৱা,সহকাৰী আয়ুক্ত অভিজাত বৰা, বিশিষ্ট শিক্ষাবিদ সৰ্বেশ্বৰ সূত বৰুৱা,চেনিৰাম বৰুৱা,হেম বৰুৱা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী দুৰ্গাৱতী দত্ত মজিন্দাৰ আদিকে কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।আনহাতে ডেৰশ বছৰীয়া জয়ন্তীৰ বৰ্ষৰ মূল বৰ্ণময় কাৰ্যসূচী অহা ১০, ১১ আৰু ১২  নৱেম্বৰত অনুষ্ঠিত হ’ব বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী তথা উদযাপন সমিতিৰ সভানেত্ৰী সেৱীকা শইকীয়াই জানিবলৈ দিয়ে।সভাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে  কেইবাটাও গীত আৰু নৃত্য পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।বিয়লিলৈ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা সমাজসেৱক যতীন্দ্ৰ বৰুৱাই অতীত ৰোমন্থন কৰি বিদ্যালয়খনত অধ্যয়নৰ সেই সময় চোৱাৰ তিতা মিঠা অনুভব ব্যক্ত কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like