নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত গছ বাগৰি বন্ধ হয় পৰিল ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ

নিয়মীয়া বাৰ্তা, ৩১ জুলাই::  আজি দিনৰ ভাগত  জোনাই মহকুমাৰ অৰ্ন্তগত নেপালী বস্তিত থকা নেপালী মন্দিৰৰ এজোপা বৃহৎ আকাৰৰ পিপল গছ বাগৰি পৰাত কেবাখনো দোকান ধ্বংস হয় পৰে৷ আনহাতে এই গছজোপা বগৰি পৰাত  ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বিদুৎত পৰিবাহী কেবাটাও খুটা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পৰি যায়৷ যাৰফলত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অহাযোৱা সম্পূৰ্ণ ৰূপে বন্ধ হয় পৰে৷ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে বহু যানবাহন আবদ্ধ হয় পৰিছে৷ বৰ্তমানে জোনাই আৰক্ষী আৰু জোনাই বিদুৎ উপসংমণ্ডলৰ কৰ্মচাৰী উপস্থিত হয় পথচোৱা মুকলি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷
You might also like