নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত কেকুঁৰি সন্মিলিত শৈক্ষিক মঞ্চৰ উদ্যোগত ২৪  কীৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা , ৩১ জুলাই: ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত ব্‌হত্বৰ কেকুঁৰি অঞ্চলত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰছাত্ৰী সকলকে ধৰি সকলো দিশতে সফলতাৰ লাভ কৰি  অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নৱ প্ৰজন্মক অধিক উৎসাহিত কৰি অঞ্চলটোত এক সুস্থ সামাজিক আৰু শৈক্ষিক পৰিবেশ গঢ়ি তুলি শৈক্ষিক জাগৰণ স্‌ষ্টি কৰাৰ মহৎ উদ্দেশ্য আগত লৈ গঠিত কেকুঁৰি সন্মিলিত শৈশিক মঞ্চৰ উদ্যোগত আজি অঞ্চলটোৰ ২৪ গৰাকী কীৰ্তি ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা, কিতাপৰ টোপোলা, মান পত্ৰ আদিৰে আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱা হয়। কেকুঁৰি সন্মিলিত শৈক্ষিক মঞ্চৰ সভাপতি তথা কেকুঁৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰামপ্ৰসাদ চুতীয়াৰ সভাপতিত্বত কেকুঁৰি মধুপুৰ ক্‌ষ্টিভৱনত অনুস্থিত সম্বৰ্ধনা সভাৰ মঞ্চ মুকলি কৰে শিশু শিল্পী অৰূপ চুতীয়াই পৰিবেশন কৰা সুমধুৰ সংগীতেৰে ৷ কেকুঁৰি সন্মিলিত শৈক্ষিক মঞ্চৰ সম্পাদক দিব্য খনিকৰে আত ধৰা সম্বৰ্ধনা সভাখন উদ্বোধন কৰে কেকুঁৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কেকুঁৰি সন্মিলিত শৈক্ষিক মঞ্চৰ কাৰ্যকৰী সভাপতি  খগেন চুতীয়াই ৷ সভাত কেকুঁৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহ শিক্ষক ধমেশ্বৰ পালক, কেকুঁৰি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধাান শিক্ষক গোবিন চুতীয়া, কেকুঁৰি ইউনাইটেড হাইস্কুলৰ সহ শিক্ষক বিনোদ গোহাঁই আৰু কেকুঁৰি ট্ৰাইবেল হাইস্কুলৰ সহ শিক্ষক কৰোণা চুতীয়া  আমন্ত্ৰিত অতিথি , উজনি মাজুলী খেৰকটা  মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক অজিত খনিকৰ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেকুঁৰি গাওঁ পঞ্চায়তৰ সভাভপি উজ্জ্বল চুতীয়া কেকুঁৰি বিশ্বজ্যোতি যুৱ সংঘৰ বিষয়ববীয়া সকলৰ উপৰিও গৰিষ্ঠসংখ্যক অভিভাৱক আৰু শিক্ষানুৰাগী ৰাইজ উপস্থিত থাকে ৷

প্ৰেৰক: ৰাজেশ বুঢ়াগোহাঞি

You might also like