নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰৰ সুৱাগপুৰত নির্মাণ হ’ব উত্তৰ–পূবৰ বৃহৎ অস্ত্র ভাণ্ডাৰ; আধাৰশিলা স্থাপন কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে

নিয়মীয়া বাৰ্তা, ৭ মে’:  দেশৰ সুৰক্ষা ব্যৱস্থাৰ প্রতি ভাবুকিস্বৰূপ হৈ পৰা চুবুৰীয়া ৰাষ্ট্র চীনক প্রতিৰোধ কৰাৰ লক্ষ্যৰে নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ইটোৰ পাছত সিটো সুৰক্ষা তথা সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰি অহাৰ সময়তে এহবাৰ অসমৰ এক বিশেষ অঞ্চল কেন্দ্রীয় চৰকাৰ তথা দেশৰ চোৰাংচোৱা বিভাগৰ ওচৰত হঠাতে গুৰুত্বপূর্ণ হৈ পৰিছে৷ বিশেষকৈ চুবুৰীয়া ৰাষ্ট্র চীনক প্রতিহত কৰাৰ বাবে নৱগঠিত তামুলপুৰ জিলাৰ ১নং সুৱাগপুৰ অঞ্চলক বিশেষভাৱে গুৰুত্ব প্রদান কৰিছে কেন্দ্রীয় চৰকাৰে৷ ইয়াৰ অংশস্বৰূপে অহা ৯ মে’ত ব’ৰ্ডাৰ ছিকিডৰিটী ফ’ৰ্চ, চমুকৈ বিএছএফৰ এক বৃহৎ অস্ত্র ভাণ্ডাৰ মুকলিৰ বাবে জিলাখনৰ ১নং সুৱাগপুৰৰ চুৰপাৰা (চিৰচেনী)ত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷

গৃহমন্ত্রীগৰাকীৰ আগমনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে তামুলপুৰ জিলা প্রশাসন৷বিগত তিনি–চাৰি দিন ধৰি বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োকে ধৰি উপায়ুক্ত, আৰক্ষী অধীক্ষক, সেনাবাহিনী, বিএছএফৰ ডচ্চপদস্থ বিষয়াসকল জিলা প্রশাসনৰ সৈতে সঘন আলোচনাত মিলিত হোৱাৰ সময়তে গৃহমন্ত্রীক আদৰিবলৈ সাজু হৈ উঠিছে দলীয় কর্মী তথা অঞ্চলটোৰ ৰাইজ৷

ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে অহা ৯ মে’ত আধাৰশিলা মুকলি কৰিবলগীয়া স্থানত ৰভা, মঞ্চ আদি সাজু কৰাৰ কাম তীব্র গতিত চলি থকাৰ সমান্তৰালকৈ নিৰাপত্তাৰ ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে৷ উল্লেখ্য যে শেহতীয়াভাৱে ভাৰতৰ সৈতে যুদ্ধংদেহী মনোভাবত থকা চীনৰ সৈতে এই অঞ্চলৰ দূৰত্ব যথেষ্ট কম৷ চীন–অৰুণাচল সীমান্তৰ টাৱাঙলৈ এহ অঞ্চলৰ পৰা দূৰত্ব মাত্র ৩৭৩ কিঃমিঃ৷ তেনে ক্ষেত্রত ভৱিষ্যতে এহ অঞ্চলত নির্মাণ হ’বলগীয়া অস্ত্র ভাণ্ডাৰত মজুত ৰখা অত্যাধুনিক অস্ত্র–শস্ত্র তথা মিছাইল, টেংকাৰ জাতীয় অত্যাধুনিক প্রযুক্তিয়ে ৰঙা চীনক যে দেশৰ সুৰক্ষা বাহিনীয়ে যোগ্য প্রত্যুত্তৰ দিব পাৰিব তাত সন্দেহ নাই৷

ভূটানৰ পৰা বৈ অহা বৰনদীৰ দুয়োপাৰে থকা বিস্তীর্ণ ভূমিতে এই কাম আৰম্ভ কৰিব বিছাৰিছে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে৷ মুঠ ২,৭০০ বিঘা ভূমিত ভাৰতীয় সুৰক্ষা বাহিনী বিশেষকৈ বিএছএফ, চিআৰপিএফ আৰু এছএছবিৰ শিবিৰ স্থাপনৰ যো–জা চলোৱাৰ কথা বিশেষ সূত্রে জানিব পৰা গৈছে৷ ইয়াৰে প্রায় আধাসংখ্যক ভূমিত বিএছএফৰ ডত্তৰ–পূবৰ ভিতৰৰে আটাহতকৈ ডাঙৰ অস্ত্র ভাণ্ডাৰটোৰ শিল্যান্যাস অহা ৯ মে’ত মুকলি কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷

ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ বিশেষ হেলিকপ্টাৰৰ বাবে হেলিপেডৰ লগতে আন আন ব্যৱস্থাও গঢ়ি তোলা হৈছে৷ ইতিমধ্যে বিএছএফে কেহবাটাও অস্থায়ী ছাডনি পাতি  উক্ত স্থানৰ তীক্ষ্ণ নজৰ ৰখাৰ লগতে হেলিকপ্টাৰযোগেও নিৰীক্ষণ কৰি আছে৷

You might also like