নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি এনআৰচি নহ’লে ৰাজ্য চৰকাৰে ছুপ্ৰিম ক’ৰ্টত বিচাৰিব বৰ্তমানৰ এনআৰচিৰ সংশোধন

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ দেশজুৰি এন আৰ চি নহ’লে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত বৰ্তমানৰ এনআৰচিখনৰ সংশোধন বিচাৰিব ।- এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

সোমবাৰে জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত মন্ত্ৰী ড০ শৰ্মাই কয় যে বৰ্তমানৰ এনআৰচিক লৈ ৰাজ্যচৰকাৰ সন্তুষ্ট নহয় । ৰাজ্যখনৰ অন্যান্য দল-সংগঠনৰ লগতে অসম চৰকাৰ এই এন আৰ চিক লৈ অসন্তুষ্ট ৷

এই এন আৰ চিখনত ভুল লিগেচীৰে বহুতেই নাম অন্তর্ভুক্ত কৰাৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰে সীমান্তৱর্তী জিলাসমূহত ২০ শতাংশ পুনৰীক্ষণ বিচাৰিছিল৷ এতিয়া যদি সমগ্র দেশতে এন আৰ চিৰ কাম আৰম্ভ হয়, অসম চৰকাৰে অসমতো এন আৰ চি বিচাৰিব৷ কিন্তু যদিহে দেশজুৰি এন আৰ চি নহয়, তেতিয়াহ’লে বর্তমানৰ এন আৰ চিখন সংশোধন–পুনৰীক্ষণ্ হোৱাটো বিচাৰিব৷ এন আৰ চি সম্পর্কত উচ্চতম ন্যায়ালয়ত হ’বলগীয়া শুনানিত অসম চৰকাৰে এই বিষয়ে অৱগত কৰিব৷

তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ পূর্বৰ মুখ্য ন্যায়াধীশে বাংলাদেশ সীমান্তৱর্তী জিলাসমূহৰ খচৰা এন আৰ চিৰ তালিকাৰ ২০ শতাংশ কাষৰ আন জিলাৰ বিষয়া–কর্মচাৰীৰ জৰিয়তে পুনৰীক্ষণৰ কথা কৈছিল৷ ৰাজ্য চৰকাৰে এতিয়া ন্যায়ালয়ত সেই বিষয়টো উত্থাপন কৰিব আৰু ভুল লিগেচীৰে নাম অন্তর্ভুক্ত কৰাসকলক কেনেকৈ শাস্তি দিব পৰা যায়, সেই বিষয়টো অৱগত কৰিব৷ উচ্চতম ন্যায়ালয়ে যদি সংশোধন–পুনৰীক্ষণ্ নির্দেশ দিয়ে, চৰকাৰ সেই মতে অগ্রসৰ হ’ব৷ কিন্তু বর্তমানৰ এন আৰ চিখন ৰাজ্য চৰকাৰে কোনোপধ্যে মানি নলয়৷ এই এন আৰ চিক লৈ ৰাজ্য চৰকাৰ সন্তুষ্ট নহয়৷

You might also like