নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CAA বিৰোধী আন্দোলনত অস্থিৰ ৰাজ্য; পৰ্যটন খণ্ডত ১৬ দিনত লোকচান ৪০০ কোটি

অসম অস্থিৰ কৰি ৰখা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰু ইয়াৰ গইনা লৈ একাংশই সমান্তৰালভাৱে সংঘটিত কৰা হিংসাত্মক কৰ্মকাণ্ডই ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ পৰ্যটন বিভাগক ।

আনকি এই হিংসাত্মক পৰিস্থিতিৰ বাবে ১৫ ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আব্বেৰ গুৱাহাটী ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰিবলগীয়া হোৱা ঘটনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো ব্যাপক প্ৰভাৱ পেলাইছে । যাৰ পৰিণতিত লোকচানৰ সন্মুখীন হৈছে অসমৰ পর্যটন খণ্ড ৷

মাত্র ১৬ দিনৰ ভিতৰতে অসমৰ পর্যটন খণ্ডই প্রায় ৪০০ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷

উল্লেখ্য যে নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ এই তিনিটা মাহত প্রতিবছৰে ৰাজ্যখনত দেশী–বিদেশী পর্যটকে ভিৰ কৰে৷ ডিচেম্বৰ মাহত সর্বাধিক পর্যটক আহে৷ কিন্তু এইবাৰ যোৱা ৮ ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ‘কা’বিৰোধী আন্দোলন আৰু প্রতিবাদে অসমলৈ দেশী–বিদেশী পর্যটকৰ আগমনত অভাৱনীয়ভাৱে বিৰূপ প্রভাৱ পেলাইছে৷

এই পৰিস্থিতি যদি অব্যাহত থাকে, তেতিয়াহ’লে অহা বছৰলৈওে ৰাজ্যৰ পর্যটন খণ্ড ক্ষতিগ্রস্ত হ’ব৷

ইপিনে, পর্যটন বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে, সাম্প্রতিক পৰিস্থিতিৰ বাবে যোৱা ৮ ডিচেম্বৰৰ পৰা বর্তমান পর্যন্ত প্রায় ৪০০ কোটি টকাৰ লোকচান হৈছে৷ এই পৰিমাণ আৰু অধিক হোৱাৰ সম্ভাৱনা আছে৷ আনহে নালাগে, কাজিৰঙাকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানলৈ আহিবলগীয়া পর্যটকে সাম্প্রতিক পৰিস্থিতিৰ বাবে যাত্রা বাতিল কৰাত পর্যটন খণ্ডসমূহত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বুলি সূত্রটোত প্রকাশ পাইছে ৷

কাজিৰঙাত জীপ ছাফাৰীৰ চালকসকলে এতিয়া দিনৰ দিনটো হাত সাবটি বহি থাকিবলগীয়া হৈছে৷ অথচ পূর্বৰ বছৰসমূহত এই সময়ছোৱা তেওঁলোকৰ বাবে অত্যন্ত ব্যস্ততাৰ সময়৷ সেইদৰে আগতীয়াকৈ বুক কৰা হোটেল–ল’জৰ কোঠাও বাতিল কৰাত এতিয়া হোটল–ল’জ কর্তৃপক্ষয়ো মূৰে–কপালে হাত দিছে৷ বহু হোটেল–ল’জে এতিয়া ভাৰা ৫০ শতাংশৰো অধিক কমাই দিবলগীয়া হৈছে৷ একেই প্রভাৱ পৰিছে ট্যুৰ অপাৰেটৰসকলৰ ক্ষেত্রতো৷

ইফালে, ‘কা’ক কেন্দ্র কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে গ্রেট ব্রিটেইন, কানাডা, অষ্ট্রেলিয়া, আমেৰিকা, নাইজেৰিয়া আদি ৰাষ্ট্রই তেওঁলোকৰ পর্যটকসকলক পৰাপক্ষত অসমকে ধৰি উত্তৰ–পূবত পর্যটনৰ কার্যসূচী এৰাই চলিবলৈ সতর্কতা জাৰি কৰিছে৷ এই সতর্কতায়ো অঞ্চলটোৰ পর্যটন খণ্ডত সাংঘাতিক প্রভাৱ পেলাইছে৷

You might also like