নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দৈনিক অগ্রদূত’ক আন্তঃৰাষ্ট্রীয় যোগ দিৱস মিডিয়া সন্মান প্রদান তথ্য–সম্প্রচাৰ মন্ত্রালয়ৰ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে প্রৱর্তন কৰা প্রথম আন্তঃৰাষ্ট্রীয় যোগ দিৱস মিডিয়া সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ‘দৈনিক অগ্রদূত’ কাকতে৷

কালি নতুন দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাভাড়েকাৰআৰু আয়ুস মন্ত্রী শ্রীপদ য়েশো নাইকে ‘দৈনিক অগ্রদূত’ৰ সম্পাদক প্রাঞ্জলসেন ডেকাক এই বঁটা প্রদান কৰে৷ যোগৰ প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত ‘দৈনিক অগ্রদূত’–এ আগবঢ়োৱা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে মন্ত্রী জাভাড়েকাৰে সম্পাদক ডেকাক অভিনন্দন জনায়৷ আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ স’তে সংগতি ৰাখি আয়োজন কৰা এই প্রতিযোগিতাৰ বিজয়ীসকলক নির্বাচনৰ বাবে ভাৰতীয় প্রেছ কাউন্সিলৰ অধ্যক্ষ অৱসৰপ্রাপ্ত ন্যায়াধীশ চি কে প্রসাদৰ অধ্যক্ষতাত এখন ছজনীয়া কমিটী গঠন কৰি দিয়া হৈছিল৷

কমিটীয়ে একাধিকবাৰ বৈঠক অনুষ্ঠিত কৰি সমগ্র দেশৰ ১১খন দৈনিক কাকতক সন্মান প্রদানৰ বাবে নির্বাচিত কৰে৷ অনুষ্ঠানত ভাষণ দি মন্ত্রী জাভাড়েকাৰে কয় যে সমাজৰ হিতৰ বাবে যোগৰ প্রসাৰত অৱদান আগবঢ়োৱা সংবাদ প্রতিষ্ঠানসমূহলৈ এয়া এক অনন্য সন্মান৷ সংবাদ মাধ্যমৰ পৰম্পৰাগত ধাৰণা অনুসৰি বাতৰি, অভিমত তথা বিজ্ঞাপন প্রকাশ আৰু প্রচাৰৰ বাহিৰলৈ গৈ সমাজৰ বৃহত্তৰ স্বার্থৰ বাবে মিছন হিচাপে কাম কৰা সংবাদ প্রতিষ্ঠানৰ প্রতি শলাগ জ্ঞাপনৰ উদ্দেশ্যে এই বঁটা প্রৱর্তন কৰা হৈছে৷

লোকমান্য বাল গংগাধৰ তিলকে ‘স্বৰাজ্য’ৰ প্রতি দেশবাসীৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে ‘কেশৰী’ নামৰ বাতৰি কাকত প্রকাশ কৰিছিল বুলি উল্লেখ কৰি মন্ত্রী জাভাড়েকাৰে ভাষণত কয়, ‘আজিৰ ভাৰতৰ সংবাদ প্রতিষ্ঠানসমূহে জনমানসত ‘সুৰাজ’ য’ত উন্নত স্বাস্থ্যসেৱা, শিক্ষা তথা অন্যান্য ৰাজহুৱা সা–সুবিধাসমূহ প্রতিজন নাগৰিকৰ বাবে সুলভ হৈ উঠে, তাৰ বাবে জনজাগৰণ সৃষ্টিৰ প্রচেষ্টা চলাই আহিছে৷ এয়া পৈণত ভাৰতীয় গণতন্ত্রৰ লক্ষণ৷’ কেন্দ্রীয় মন্ত্রীজনে যোগক ৰোগ প্রতিৰোধৰ আটাইতকৈ গুৰুত্বপূর্ণ মাধ্যমৰূপে অভিহিত কৰি কয়, ‘যোগ, যাক আমি এক ভাৰতীয় ব্রেণ্ড বুলি কওঁ– ই বিশ্বজুৰি সন্মান অর্জন কৰিবলৈ সক্ষম হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদৃষ্টি আৰু প্রচেষ্টাৰ বাবে৷’ প্রধানমন্ত্রী মোদীয়ে আন্তর্জাতিক যোগ দিৱস প্রৱর্তনৰ বাবে ৰাষ্ট্রসংঘক দিয়া প্রস্তাৱে কিদৰে অভূতপূর্ব সঁহাৰি লাভ কৰিছিল, সেয়াও উল্লেখ কৰে জাভাড়েকাৰে৷ তেওঁ লগতে এই বঁটা বিজয়ী আৰু জুৰীৰ সদস্যসকলক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় আয়স মন্ত্রী নাইকে যোগ দিৱস মিডিয়া সন্মান প্রৱর্তন কৰা বাবে বিভাগীয় মন্ত্রী জাভাড়েকাৰৰ শলাগ লয়৷ তেওঁ লগতে মানৱ সভ্যতালৈ ভাৰতীয় ঐতিহ্য যোগ এক গুৰুত্বপূর্ণ অৱদান বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে মানসিক আৰু শাৰীৰিক সুস্বাস্থ্য লাভ কৰাটো সম্ভৱ বুলি মন্তব্য কৰে৷ সভাত উপস্থিত থকা জুৰী ব’ডৰ অধ্যক্ষ তথা প্রেছ কাউন্সিলৰ অধ্যক্ষ প্রসাদে এই সন্মানৰ বিজয়ী সংবাদ প্রতিষ্ঠানসমূহ নির্বাচন প্রক্রিয়াৰ বিষয়ে উল্লেখ কৰে৷ অনুষ্ঠানত তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ সচিব ৰবি মিট্টাল, অতিৰিক্ত সচিব অতুল তিৱাৰী প্রমুখ্যে একাধিক মন্ত্রালয়ৰ শীর্ষ বিষয়াবর্গ উপস্থিত আছিল৷ ‘দৈনিক অগ্রদূত’ৰ উপৰি এই সন্মান লাভ কৰা আন কাকতকেইখন হৈছে– মুম্বাইৰ ‘মিড ডে’’, বাংগালুৰুৰ ‘উদয়বাণী’, গোৱাৰ ‘ডেইলী নৱপ্রভা’, ভুবনেশ্বৰৰ ‘ওডিছা এক্সপ্রেছ’, অন্ধ্রপ্রদেশৰ ‘বার্তা পত্রিকা’, নয়দাৰ ‘ৰোজনামা ৰাষ্ট্রীয় চাহাৰা’, ইন্দোৰৰ ‘নয়ী দুনীয়া’, ৰাঁচীৰ ‘প্রভাত খবৰ’ আৰু ‘দেশপ্রাণ’, জম্মুৰ ‘ডেইলী নৱাই ডুগ্গৰ’৷

You might also like