নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাহ্বান নেওচি ৰূপায়ণ কৰা হ’ব শিক্ষা নীতি

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: ৰাষ্ট্রীয় শিক্ষা নীতি বলৱৎ কৰাৰ ক্ষেত্রত চৰকাৰ যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ বিশেষকৈ মাতৃভাষাত শিক্ষা প্রদানৰ বাবে ৰাষ্ট্রীয় শিক্ষা নীতিয়ে দিয়া গুৰুত্বৰ বাবে প্রতিটো জাতি–জনগোষ্ঠীয় ভাষাত পাঠ্যক্রম প্রস্তুত কৰিব লাগিব৷ এই প্রত্যাহ্বান নেওচিও ৰূপায়ণ কৰা হ’ব নতুন শিক্ষা নীতি৷ –শনিবাৰে এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

শনিবাৰে অনুষ্ঠিত উত্তৰ–পূব শৈক্ষিক সন্মিলনত ভাষণ প্রদান কৰি তেওঁ কয়– অসমত ৬৪টা ভাষা আছে৷ চাহ জনগোষ্ঠীৰ মাজত প্রচলিত হৈ আছে প্রায় ১০টা ভাষা৷ এই সকলো ভাষাত পাঠ্যপুথি প্রস্তুত কৰিব লাগিব৷ অসমেই নহয়, অৰুণাচল প্রদেশ, নাগালেণ্ডতো বিভিন্ন ভাষাৰ প্রচলন হয়৷ প্রতিটো ভাষাতে পাঠ্যক্রম প্রস্তুত কৰা নিশ্চিতভাৱে এক প্রত্যাহ্বান হ’ব৷ অসমে বর্তমান মাত্র চাৰিটা ভাষাতহে পাঠ্যপুথি প্রস্তুত কৰি আছে৷ এই চাৰিটা ভাষাত পাঠ্যপুথি প্রস্তুত কৰোঁতে আমি সমস্যাৰ সন্মুখীন হৈছোঁ৷ কিন্তু ৰাষ্ট্রীয় শিক্ষা নীতি অনুসৰি প্রতিটো ভাষাৰ বাবে আমি পাঠ্যপুথি প্রস্তুত কৰাই নহয়, পাঠ্যক্রমো সাজু কৰি তুলিব লাগিব৷ কিন্তু সমগ্র উত্তৰ–পূবৰ প্রতিটো জাতি–জনগোষ্ঠীৰ ভাষাভাষী লোকৰ বাবে প্রতিখন ৰাজ্যই প্রস্তুত কৰিব লাগিব মাতৃভাষাৰ পাঠ্যক্রম৷ আমি প্রায় ১৮০টা ভাষা আৰু উপ–ভাষাত এই পাঠ্যপুথি প্রস্তুত কৰিব লাগিব৷ শিক্ষার্থীসকলৰ প্রয়োজন কি, সেই বিষয়টো জনা অতি দৰকাৰ৷ শিক্ষার্থীসকলে কি বিচাৰে অথবা তেওঁলোকৰ প্রয়োজনীয়তা সন্দর্ভত বিদ্যাভাৰতীয়ে ইতিমধ্যে গৱেষণা আৰম্ভ কৰিছে বুলিও মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰে৷

You might also like