নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রমাৎ স্বাভাৱিক হৈছে জম্মু–কাশ্মীৰৰ পৰিস্থিতি

ভ্রমণ সামৰিলে ইউৰোপীয় সংঘৰ ২৫ প্রতিনিধিয়ে

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ জম্মু–কাশ্মীৰৰ কিছু অঞ্চলত জটিলতা চলি আছে যদিও অঞ্চলটোৰ পৰিস্থিতি প্রায় স্বাভাৱিকৰ দিশে আগবাঢ়িছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে ইউৰোপীয় সংঘৰ ২৫ প্রতিনিধিয়ে৷ সংবিধান অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ মর্যাদা প্রত্যাহাৰ কৰাৰ পাছত অঞ্চলটোত সৃষ্ট পৰিস্থিতিক লৈ বিশ্বজুৰি প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পাছতে বিদেশী ৰাষ্ট্রৰ প্রতিনিধিয়ে অঞ্চলটো পৰিদর্শন কৰি আহিছে৷ ইয়াৰ পূর্বে বিদেশী প্রতিনিধি দল এটাই জম্মু–কাশ্মীৰ পৰিদর্শন কৰি যোৱাৰ পাছত পুনৰ অঞ্চলটোলৈ আহে ইউৰোপীয় সংঘৰ ২৫ প্রতিনিধি৷ দলটোৱে বিগত কেইবাদিন ধৰি জম্মু–কাশ্মীৰৰ বিভিন্ন অঞ্চল পৰিদর্শন কৰি কালি নিশা নতুন দিল্লীলৈ উভতি আহে৷ নৱগঠিত জম্মু–কাশ্মীৰ কেন্দ্রীয়শাসিত অঞ্চলৰ চৰকাৰী প্রতিষ্ঠানৰ লগতে সাধাৰণ নাগৰিকৰ লগতো বার্তালাপ কৰে ২৫জনীয়া প্রতিনিধি দলটোৱে৷ কালি নতুন দিল্লীত উপস্থিত হোৱা প্রতিনিধি দলটোৰ নেতৃত্বত থকা এফ এছ লটফেই সাংবাদিকৰ আগত কয় যে অঞ্চলটোত কি ঘটি আছে তাৰ আমি সম্পূর্ণ ছবি পৰিদর্শন কৰিলোঁ৷ ইয়ে অঞ্চলটোলৈ স্বাভাৱিক পৰিস্থিতি ওভতাই অনাৰ ইংগিত দিছে৷ ইয়াৰ অর্থ এয়ে নহয় যে অঞ্চলটোত জটিলতা নাই৷ প্রশাসনে পৰিস্থিতি উন্নত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰি আছে৷

You might also like