নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বক্র পথেৰে চাকৰি লৈ ন্যায়িক প্রক্রিয়াৰ আওতালৈ অহা একাংশ ৰাজপত্রিত বিষয়াক ৰাজ্য চৰকাৰৰ পদোন্নতি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ কলংকিত অধ্যক্ষ ৰাকেশ পালৰ কার্যকালত বক্র পথেৰে চাকৰি লৈ ন্যায়িক প্রক্রিয়াৰ আওতালৈ অহা একাংশ ৰাজপত্রিত বিষয়াক ৰাজ্য চৰকাৰে প্রদান কৰিলে পদোন্নতি৷ ন্যায়িক প্রক্রিয়া চলি থকাৰ সময়তে এনেদৰে একাংশ বিষয়াক সচিবালয়ত পদোন্নতিৰে সংস্থাপন কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷

উল্লেখ্য যে এ পি এছ চিৰ চাকৰি নিযুক্তিৰ ক্ষেত্রত হোৱা কেলেংকাৰিৰ তদন্ত চলোৱা এজনীয়া তদন্ত আয়োগে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰক দাখিল কৰে প্রথমখন প্রতিবেদন৷ এই প্রতিবেদনত উল্লেখ আছে বক্র পথেৰে চাকৰি লোৱা একাংশ ৰাজপত্রিত বিষয়াৰ নাম৷

লক্ষণীয়ভাৱে প্রতিবেদন দাখিলৰ এদিন পূর্বেই চৰকাৰৰ পার্ছনেল বিভাগে একাংশ বিষয়াক পদোন্নতি দিয়াৰ তালিকা প্রকাশ কৰে৷ এই তালিকাতে অন্তর্ভুক্ত হৈ আছে তদন্ত আয়োগৰ আওতালৈ অহা কেইবাজনো বিষয়াৰ নাম৷ উল্লেখ্য যে ২০১৬ চনত পঞ্জীয়ন হোৱা ৯৩৬ নম্বৰৰ এটা গোচৰৰ ভিত্তিত ৩৯জন ৰাজপত্রিত বিষয়াক গ্রেপ্তাৰ কৰি ন্যায়িক প্রক্রিয়া আৰম্ভ কৰা হৈছিল৷ পৰৱর্তী সময়ত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ শর্মাৰ নেতৃত্বত গঠন কৰা এজনীয়া তদন্ত আয়োগে আন ৪০জন বিষয়াক তদন্তৰ আওতালৈ আনিছিল৷ কার্যতঃ ৭৯জন ৰাজপত্রিত বিষয়াৰ বিৰুদ্ধে কৰা তদন্ত, আয়োগৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শর্মাই ৭০০ পৃষ্ঠাৰ প্রথম খণ্ড আৰু ৫০০০তকৈও অধিক পৃষ্ঠাৰ দ্বিতীয় খণ্ড গৃহ বিভাগৰ প্রধান সচিব নিৰজ বার্মাক দাখিল কৰে৷

এই প্রতিবেদনত ৬জন ৰাজপত্রিত বিষয়া ক্রমে আকাশী দুৱৰা, ত্রিদিপ ৰয়, ড০ হিতেশ মজুমদাৰ, ধ্রুৱজ্যোতি হাতীবৰুৱা, মঞ্জুৰ ইলাহী বৰভূঞা আৰু জগদীশ ব্রহ্মৰ নাম উল্লেখ আছে৷ প্রতিবেদনত উল্লেখ থকা এই ৰাজপত্রিত বিষয়াসকলৰ একাংশক লক্ষণীয়ভাৱে কালি পদোন্নতিৰে অসম সচিবালয়ত সংস্থাপিত হৈছে৷ তদন্তৰ আওতাত থকাৰ পাছতো কিদৰে পদোন্নতি লাভ কৰিলে, তাক লৈ এতিয়া প্রশ্ন উত্থাপন হোৱাই নহয়, বিষয়টোক লৈ ৰাজ্য চৰকাৰলৈও আঙুলি টোঁৱাইছে৷

উল্লেখ্য যে জলসিঞ্চন বিভাগৰ ভূমি অধিগ্রহণ বিষয়া হিচাপে কার্যনির্বাহ কৰি থকা মঞ্জুৰ ইলাহী বৰভূঞাই কালি পদোন্নতিৰে অসম সচিবালয়ৰ সাধাৰণ প্রশাসন বিভাগৰ উপ–সচিব হিচাপে নিযুক্তি লাভ কৰিছে৷ আনহাতে, কামৰূপ (মহানগৰ) জিলাৰ এছ ডি অ’ হিচাপে কর্মৰত হৈ থকা ৰয়ে হাইলাকান্দি জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে পদোন্নতিৰে সংস্থাপন লাভ কৰিছে৷ একেদৰে আন এগৰাকী বিষয়া ড০ হিতেশ মজুমদাৰ কর্মৰত হৈ আছিল ডিব্রুগড়ৰ এছ ডি অ’ হিচাপে৷ পদোন্নতি লাভ কৰা অনুসৰি ড০ হিতেশ মজুমদাৰক দক্ষিণ শালমাৰা–মানকাচৰত্ অতিৰিক্ত উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে৷ যোৰহাটত এছ ডি অ’ হিচাপে কর্মৰত হৈ থকা আকাশী দুৱৰা নামৰ আনগৰাকী ৰাজপত্রিত বিষয়াক পদোন্নতিৰে তেজপুৰত বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে৷ ইয়াৰ লগতে জগদীশ ভূঞা নামৰ ৰাজপত্রিত বিষয়াগৰাকীক দক্ষিণ শালমাৰাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে৷ তদুপৰি ন্যায়িক প্রতিবেদনত নাম থকা ধ্রুৱজ্যোতি হাতীবৰুৱাক লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে পদোন্নতি দিয়া হৈছে৷

You might also like