নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰমজানৰ ৰোজা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ আজিৰ পৰা ৰমজানৰ ৰোজা৷ সমগ্র দেশৰ লগতে উত্তৰ–পূর্বাঞ্চল তথা অসমতো ইছলাম ধর্মাৱলম্বী লোকসকলে উপবাসে থাকি ৰোজা পালন কৰিব৷ শুকুৰবাৰে সন্ধিয়া আকাশত দেশৰ ভিন্ন প্রান্তত ৰমজানৰ জোন দৃশ্যমান হোৱাত আজিৰে পৰা ইছলাম ধর্মাৱলম্বী লোকসকলে ৰমজানৰ ৰোজা পালন কৰিব বুলি কেন্দ্রীয় হিলাল কমিটী, অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদকপ্রধান আলহাজ ইমদাদ হুছেইনে এক বিজ্ঞপ্তিত জানিবলৈ দিছে৷

ৰাজ্যবাসীলৈ পৱিত্র ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰি কেন্দ্রীয় হিলাল কমিটীয়ে পৱিত্র ৰমজান মাহত ভাতৃত্ববোধৰ এনাজৰীডাল মজবুত হ’ব বুলি আশা ব্যক্ত কৰে৷ কেন্দ্রীয় হিলাল কমিটীৰ তথ্য অনুসৰি শনিবাৰে পুৱতিনিশা গুৱাহাটীৰ ইছলাম ধর্মাৱলম্বী লোকসকলে ৩.৫৪ বজাৰ পূর্বে চেহেৰী গ্রহণ কৰিব আৰু সন্ধিয়া ৫.৪২ বজাত ইফতাৰ কৰিব৷ অৱশ্যে ৰাজ্যৰ অন্যান্য স্থানত চেহেৰী আৰু ইফতাৰৰ সময়সূচী ভিন্ন বুলি কেন্দ্রীয় হিলাল কমিটীয়ে জানিবলৈ দিছে৷

You might also like