নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰত এবাৰহে অনুষ্ঠিত হ’ব সকলো ৰাজপত্রিত বিষয়া বাছনি পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ:  অসম লোকসেৱা আয়োগৰ সচিবৰ ভূমিকাত অসন্তুষ্ট মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ শনিবাৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত নিযুক্তি–পত্র বিতৰণ অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই লোকসেৱা আয়োগৰ সচিবৰ ভূমিকাত মুকলিকৈ অসন্তুষ্টি প্রকাশ কৰি ভাষণত কয় যে আয়োগৰ সচিবক ফোন কৰিলেই তেওঁ ৰঙা ফিতাৰ মেৰপেঁচ দেখি হতাশ হয়৷ বিভিন্ন সেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয় আহিলেই আয়োগৰ সচিবে ছার্ভিচ ৰুলৰ কপীক লৈ বিশ্লেষণ আৰম্ভ কৰে৷ আয়োগৰ হাতত ছার্ভিচ ৰুলৰ কপী থাকিবই নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিভাগৰ ছার্ভিচ ৰুল চোৱাটো চৰকাৰৰ কাম৷ লোকসেৱা আয়োগৰ কাম হৈছে সম্পূর্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ ভিত্তিত প্রার্থী বাছনি কৰাহে৷ আয়োগৰ পৰীক্ষাত যাতে কোনো ধনৰ লেনদেন নহয়, কোনো মেধাৱী ছাত্র–ছাত্রী বঞ্চিত নহয়, সেই দিশটো চাই পৰীক্ষা অনুষ্ঠিত কৰাহে আয়োগৰ দায়িত্ব৷ তাৰ পৰিৱর্তে ছার্ভিচ ৰুলৰ নামত আয়োগে অযথা ৰঙা ফিতাৰ মেৰপেঁচ সৃষ্টি কৰি আহিছে৷ লোকসেৱা আয়োগে পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত প্রতিটো বিভাগৰ ছার্ভিচ ৰুল পৰীক্ষা কৰিবলৈ হ’লে আয়োগে সুকীয়াকৈ পার্ছনেল বিভাগ এটাই স্থাপন কৰিব লাগিব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই পার্ছনেল বিভাগৰ প্রধান সচিব নিৰজ বার্মাক এদিন আয়োগৰ কার্যালয়লৈ গৈ সকলো ছার্ভিচ ৰুল ওভতাই আনিবলৈও নির্দেশ দিয়ে৷

আনহাতে, সেই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই লোকসেৱা আয়োগক এটা বছৰত এবাৰতে সকলো ৰাজপত্রিত বিষয়াৰ পদ পূৰণৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান জনায়৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জানুৱাৰী–ফেব্রুৱাৰী মাহত বাছনি প্রক্রিয়া আৰম্ভ কৰি নৱেম্বৰত যাতে নিযুক্তি দিব পৰা যায়, তাৰ ব্যৱস্থাহে কৰিব লাগে৷ ইপিনে, ২০২০ চনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা সুচাৰুৰূপে আৰু স্বচ্ছ আৰু নিকাভাৱে মেধাৰ ভিত্তিত প্রার্থী বাছনি কৰাৰ বাবে আয়োগক মুখ্যমন্ত্রী ড০ শর্মাই ধন্যবাদ জ্ঞাপন কৰে৷

You might also like