নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো সাহিত্য সভাৰ গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ‘ভিন্ন সময় অভিন্ন মত’

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ বড়ো সাহিত্য সভাৰ গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰী হৈছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ‘ভিন্ন সময় অভিন্ন মত’ শীৰ্ষক গ্ৰন্থখন। খৈৰাবাৰীৰ দাওহাৰু পথাৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাত বড়ো ভাষাৰ বিভিন্ন গ্ৰন্থৰ লগতে পঢ়ুৱৈ সমাজৰ পচন্দৰ কিতাপ হৈ পৰিছে ‘ভিন্ন সময় অভিন্ন মত’। কিতাপখন বিচাৰি বিভিন্ন গ্ৰন্থৰ বিপণীত বহু গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। আজি অন্ত পৰিব লগা বড়ো সাহিত্য সভাৰ  বহুকেইখন বিপণীত ইতিমধ্যে শেষ হৈছে কিতাপখন। বৰ্তমানৰ সমাজব্যৱস্থা, ৰাজনীতি, অৰ্থনীতিক সন্নিবিষ্ট কৰি লৈ লিখা ড০ শৰ্মাৰ গ্ৰন্থখনৰ অভিলেখ সংখ্যক বিক্ৰীয়ে পঢ়ুৱৈ সমাজক আপ্লুত কৰিছে।