নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ কবলত ডিব্ৰুগড়, নলাত উটি আহিল এটি নৱজাতকৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ ডিব্ৰুগড় চহৰ এতিয়া পানীৰ তলত। জলসম্পদ বিভাগৰ গাফিলতিৰ বাবেই বানৰ কবলত এতিয়া ডিব্ৰুগড়। মাইজানৰ শ্লুইছ গেট খোলা থকাৰ বাবেই এতিয়া কৃত্ৰিম বান চহৰখনত। ডিব্ৰুগড়ৰ ২২টা ৱাৰ্ডৰ লগতে প্ৰায় ২৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ৭০ শতাংশ ব্যৱসায়িক প্ৰতিষ্ঠান এতিয়া পানীৰ তলত। ১০টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে বানপীড়িত লোকসকলে।

সমগ্ৰ চহৰখন বানত ডুব গৈ থকাৰ সময়তে এটা মানৱতা ভূলুণ্ঠিত কৰা ঘটনা। নলাত উটি আহিল এটি নৱজাতকৰ মৃতদেহ। পুৰণা ৰে’ল ষ্টেছনৰ সমীপত মৃত কণমানিটিৰ মৃতদেহ উদ্ধাৰ। এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

You might also like