নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনাপ্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ অজিত কুমাৰ ভূঞা,ভুৱনেশ্বৰ কলিতা, বিশ্বজিৎ দৈমাৰী

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ’ল কংগ্ৰেছ এইআইইডিএফৰ সৰ্মথিত প্ৰাৰ্থী  অজিত কুমাৰ ভূঞা, বিজেপিৰ প্ৰাৰ্থী  ভুৱনেশ্বৰ কলিতা, আৰু মিত্ৰজোঁট তথা বিপিএফৰ প্ৰাৰ্থী  বিশ্বজিৎ দৈমাৰী। আজি ৩ বজাত ৰিটাৰ্নিং বিষয়া অমৰেন্দ্ৰ ডেকাই আটাইকেইজনকে বিজয়ী বুলি ঘোষণা কৰে। উল্লেখ্য যে আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল আৰু কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ নকৰাত তিনিওজনকে বিজয়ী বুলি ঘোষণা কৰা হয়।

You might also like